![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
২১ৰ নিৰ্বাচনলৈ সাজু হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি।দিছপুৰ দখলৰ লক্ষ্য আগত ৰাখি প্ৰদেশ কংগ্ৰেছে পহিলা আগষ্টৰ পৰা আৰম্ভ কৰিব মাহযোৰা “বুথলৈ যাওঁ আহক” শীৰ্ষ কাৰ্যসূচী।দলৰ সাংগঠনিক ভেটি তৃণমূলৰলৈকে সক্ৰিয় আৰু শক্তিশালী কৰাৰ উদ্দেশ্য আগত ৰাখি ৰাজ্যখনৰ প্ৰতিটো ভোট গ্রহণ কেন্দ্রৰ অন্তৰ্গত কংগ্রেছ দলৰ প্ৰায় ২৬০০০ বুথ কমিটিত পহিলা আগষ্টৰ পৰা ৩১আগষ্টলৈ “বুথলৈ যাওঁ আহক” শীর্ষক সাংগঠনিক কাৰ্য্যসূচী গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে।
উল্লেখ্য যে ২৬হাজাৰ বুথ সমিতিৰ সৰহসংখ্যকতে দলৰ শক্তিশালী বুথ সমিতি আছে যদিও এই কাৰ্য্যসূচীৰ যোগেদি সমিতিসমূহক আৰু অধিক শক্তিশালী তথা সক্ৰিয় কৰি তোলাৰ উদ্দেশ্যেই সমিতিসমূহৰ পুনৰ গঠন আৰু নতুন সদস্যৰ সংযোজন কৰা হ’ব বুলি প্ৰদেশ কংগ্ৰেছৰ প্ৰেছ বাৰ্তাত উল্লেখ কৰিছে।
গুৰুত্বপূৰ্ণ কথা এই যে ৩১আগষ্টৰ ভিতৰত প্ৰতিটো বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো বুথ কমিটিৰ গঠন সম্পূর্ণ কৰিব।প্ৰতিখন বুথ কমিটিত নিম্নতম ২১ জন সদস্য/সদস্যা থাকিব। এই কমিটিসমূহ পুনৰ গঠন কৰোঁতে মহিলা কংগ্রেছ, সেৱা দল, যুৱ কংগ্রেছ, এন এচ ইউ আই আৰু ইয়ং বিগ্ৰেডৰ সক্ৰিয় সদস্যসকলক অগ্রাধিকাৰ দিয়াটো বাঞ্চনীয় ।
ইফালে ১০ ছেপ্টেম্বৰৰ ভিতৰত জিলা কংগ্রেছ কমিটি সমূহে নিজ নিজ জিলাৰ প্ৰতিটো বিধানসভা সমষ্টিৰ অন্তৰ্গত বুথ সমিতিৰ পূৰ্ণাংগ তালিকা ই-মেইল যোগে প্ৰেৰণ কৰিব লাগিব ৰাজ্যিক সমিতিলৈ।













