![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও: ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ব্যক্তিগত খণ্ডৰ অধিকাংশ বিদ্যালয়ে অনলাইন সেৱাৰ জৰিয়তে ছাত্ৰ- ছাত্ৰীক পাঠদান কৰি আহিছে । সাধাৰণতে স্মাৰ্ট ফোনৰ পৰা ছাত্ৰ -ছাত্ৰীক দূৰত ৰাখিব বিচৰা অভিভাৱকেও এতিয়া অনলাইন পাঠদানৰ বাবে নিজ সন্তানৰ হাতত স্মাৰ্ট ফোন তুলি দিবলৈ বাধ্য হৈছে ।
আনহাতে অনলাইন যোগে পাঠদান কৰি অহা ব্যক্তিগত খণ্ডৰ বহু বিদ্যালয়ে আগষ্ট মাহৰ পৰা ছমহীয়া পৰীক্ষা অনলাইন যোগে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। সেয়ে অনলাইন পৰীক্ষাৰ বাবে ব্যক্তিগত খণ্ডৰ একাংশ বিদ্যালয়ে ঘোষণা কৰা সময় সূচীয়ে অভিভাৱকক বিপাঙত পেলাইছে ।
পূৰ্বতে বিদ্যালয় সমূহে লিখিত পৰীক্ষা অনুষ্ঠিত কৰা সময়তে বৰ্তমানৰ অনলাইন পৰীক্ষাও অনুষ্ঠিত কৰিব বিচৰা কাৰ্যই চিন্তিত কৰি তুলিছে বহু অভিভাৱকক। কাৰণ স্মাৰ্টফোনৰ জৰিয়তে সন্তানক পৰীক্ষাত অৱতীৰ্ণ কৰোৱাত অসুবিধাৰ সন্মুখীন হৈছে একাংশ অভিভাৱক ।
সাধাৰণতে বৃত্তিগত কাৰণত কিছু সংখ্যক অভিভাৱক ঘৰৰ পৰা বাহিৰত থাকিব লগা হোৱা সময়তে সন্তানৰ অনলাইন পৰীক্ষাৰ সময়সূচী ঘোষণা হোৱাত অসুবিধাৰ সন্মুখীন হৈছে অধিকাংশ অভিভাৱক। কাৰণ নিজৰ নিত্যপ্ৰয়োজনত ব্যৱহৃত স্মাৰ্ট ফোন সন্তানৰ বাবে এৰি থৈ যোৱাত অসুবিধাৰ সন্মুখীন হৈছে এই সকল অভিভাৱক ।
সেয়ে অধিকাংশ অভিভাৱকেই অনলাইন পৰীক্ষাৰ সময়সূচী সালসলনিৰ আহ্বান জনাইছে। উল্লেখ্য যে একাংশ বিদ্যালয়ত বৰ্তমানৰ সময়সূচী অনুসৰি পুৱা ১০ বজাৰ পৰা ১২বজালৈ অনলাইন পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা। বৃত্তিগত কাৰণত ঘৰৰ পৰা বাহিৰত থকা একাংশ অভিভাৱকে বিদ্যালয় কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰা উক্ত সময়ৰ পৰিৱৰ্তে পুৱা ৭ বজাৰ পৰা ৯ বজালৈ অথবা বিয়লি ৪ বজাৰ পৰা ৬ বজালৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে আহ্বান জনায়।













