![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও:নগাওঁ জিলাত প্ৰতিদিনে উদ্বেগজনক ভাবে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব ধৰিছে । জিলাখনত আজি নতুনকৈ ৫৪ জন লোক ক’ৰোনাত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগে নিশ্চিত কৰে।
কালি বিয়লি তিনি বজাৰ পৰা আজি বিয়লি তিনি বজা পৰ্যন্ত ক’ৰোনাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা ৫৪ জনৰ সৈতে জিলা খনত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ১৬৭৩ জনলৈ বৃদ্ধি পায়।
ইপিনে জিলা খনৰ বিভিন্ন কোৱাৰেন্টীন চেন্টাৰত কোৱাৰেন্টীন হৈ থকা ১২৫ জন লোকৰ সাদিনীয়া কোৱাৰেন্টীন অন্ত পৰাত তেওঁলোকক আজি ঘৰলৈ যাবলৈ দিয়া হয়।













