![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
কোভিডৰ মাজতে সাজু অসম বিধানসভা৷ ৩১ আগষ্টৰ পৰা আৰম্ভ বিধানসভাৰ অধিৱেশন৷ এইবাৰ অলপ সুকীয়া হ’ব বিধানসভাৰ অধিৱেশন৷ মানি চলিব লাগিব সামাজিক দূৰত্ব৷
আগৰ দৰে ইজনে সিজনৰ কাণে কাণে ফুচফুচাব নোৱাৰিব বিধায়ক–মন্ত্ৰীয়ে৷ নোৱাৰিব হেঁচা–ঠেলাকৈ বহিব৷ ২৪ মাৰ্চত অনুষ্ঠিত হোৱা বিধানসভাৰ বিশেষ অধিৱেশনৰ পিছত দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত ৰাজ্যপাল জগদীশ মুখীয়ে আহ্বান কৰিছে বিধানসভাৰ অধিৱেশন৷
পিছে এই অধিৱেশন কিমান দিন চলিব তাৰ সিদ্ধান্তও হ’ব ১৮ আগষ্টতহে৷ ৩১ আগষ্টৰ পৰা অনুষ্ঠিত হ’বলগীয়া অধিৱেশনত প্ৰৱেশ নিষিদ্ধ থাকিব দৰ্শণাৰ্থীৰ৷ বন্ধ থাকিব ছাত্ৰ-ছাত্ৰীৰো প্ৰৱেশ৷
বুধবাৰে এনেদৰেই বিধানসভাৰ অধিৱেশন সম্পৰ্কে সদৰি কৰিলে বিধানসভাৰ প্ৰধান সচিব মৃগেন্দ্ৰ কুমাৰ ডেকাই৷













