![]()
জিতেন বৰকটকী:
নগাঁও :তথ্য প্ৰযুক্তিৰ দ্ৰুত উন্নয়নৰ সমান্তৰালকৈ বৰ্তমান বৃদ্ধি পাব ধৰিছে চাইবাৰ অপৰাধৰ ঘটনা । নগাঁও জিলাতো সঘনাই সংঘটিত হ’ব ধৰিছে এনে চাইবাৰ অপৰাধৰ ঘটনা ।
নগাঁও চহৰৰ বি বি পথত থকা অল ৰিচাৰ্জ কোম্পানীত চাৰ্ভাৰ অপাৰেটৰ হিচাপে কৰ্মৰত এগৰাকী কৰ্মচাৰীয়ে অনলাইনযোগে কোম্পানীটোৰ পৰা সৰকাই নিয়ে ৪ লাখ ৫০হাজাৰ টকা ।
অল ৰিচাৰ্জ কোম্পানীটোৰ স্বত্বাধিকাৰী ৰমিজুল ইছলাম স্বাস্থ্যজনিত কাৰণত চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ সুযোগ গ্ৰহন কৰি কৰ্মচাৰী নিজামুল হাছানে অনলাইনৰ জৰিয়তে হৰলুকী কৰে বৃহৎ পৰিমাণৰ ধনৰাশি।
এই সন্দৰ্ভত স্বত্বাধিকাৰী ইছলামে আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত নগাঁৱৰ ইটাচালি আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰে নিজামুলক।













