![]()
অজন্তা তালুকদাৰ :
বোকাখাত : বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে ২২ জুলাইৰ পৰা বোকাখাত মহকুমাৰ পদপথত আৰম্ভ কৰিছে ক’ৰোনা প্ৰতিৰোধৰ বাবে এলানি বিশেষ সজাগতামূলক কাৰ্যসূচী।
এই উদ্দেশ্যে বোকাখাতত দুলানি সজাগতামূলক কাৰ্যসূচী সম্পন্নৰ পাছত বোকাখাতৰ কুৰুৱাবাহীত বোকাখাত মহকুমা প্ৰশাসন আৰু বোকাখাতৰ সাংবাদিকৰ উদ্যোগত আৰু কুৰুৱাবাহী গাঁও ৰক্ষা বাহিনীৰ সহযোগত তৃতীয় পৰ্যায়ৰ সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই আঁত ধৰা কাৰ্যসূচীত উপস্থিত লোকসকলক মহকুমাধিপতি বিবেক শ্যামে কভিড-১৯ ৰ ভয়াবহতাৰ প্ৰতি সজাগ কৰি এইক্ষেত্ৰত ল’ব লগীয়া সাবধানতাৰ বিষয়ে পথতে এলানি বক্তৃতা প্ৰদান কৰে।
মহকুমাধিপতি গৰাকীৰ নিৰ্দেশত সেই স্থানত নিৰ্দিষ্ট সামাজিক দূৰত্ব অটুত ৰাখি অঁকা গোল চিহ্নত ঠিয় হৈ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে স্থানীয় ব্যৱসায়ী সকলৰ লগতে উপস্থিত দেৰ শতাধিক লোকে।
সজাগতামূলক ভাষণত মহকুমাধিপতি গৰাকীয়ে অনাগত সময়চোৱাত কভিড-১৯ ৰ আতংকৰ পৰা বাচি থাকিবলৈ হ’লে আগতীয়া অবলম্বন কৰা সজাগতাই মূল কথা বুলি উল্লেখ কৰি ব্যৱসায়ী সকলক মাস্ক আৰু হেণ্ড গ্ল’ভচ্ পৰিধান কৰা, নিজ নিজ দোকান-বজাৰৰ সন্মুখত ৰচি টানি সামাজিক আৰু শাৰিৰীক দূৰত্বৰ নীতি মানি চলা, চেনিটাইজাৰৰ ব্যৱহাৰ অথবা সঘনাই হাত ধুই পৰিস্কাৰ-পৰিচ্ছন্ন হৈ থকা আৰু স্বাস্থ্য সম্পৰ্কীয় নীতি পালনৰ প্ৰতি আহ্বান জনায়।
লগতে অহা আগষ্ট মাহত কৰ’ণা ৰোগীৰ সংখ্যা সৰ্বাধিক হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি অধিক সজাগ হৈ অন্ততঃ অহা আগষ্ট মাহটো কৰ’ণা সংক্ৰমণৰ পৰা দূৰত থাকিবলৈ উপস্থিত লোকসকলক আহ্বান জনায়।
এই মৰ্মে বোকাখাতৰ সাংবাদিক সকলৰ লগত একগোট হৈ মহকুমাধিপতি গৰাকীয়ে কৰ’ণা সংক্ৰমণ ৰোধ কৰিবলৈ একেলগে সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা বুলি উল্লেখ কৰি কৰ’ণা প্ৰতিৰোধক নিয়ম সমূহ ভালদৰে মানি চলিবলৈ ৰাইজলৈ আহ্বান জনায়।
মহকুমাধিপতি গৰাকীয়ে দোকানে দোকানে গৈ সজাগতামূলক পৰামৰ্শ ডাঙি ধৰি কভিডৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যৱসায়ী সকলৰ মাজত সজাগতাৰ প্ৰচেষ্টা আগবঢ়ায়।
আজিৰ কাৰ্যসূচীৰ ব্যৱস্থাপনা কৰে কুৰুৱাবাহী তিনিআলি গাঁও ৰক্ষী সংগঠনৰ দুলু আচাৰ্যই আৰু মহকুমাধিপতি গৰাকীক বিশেষ সহযোগিতা আগবঢ়ায় বোকাখাতৰ তথ্য আৰু জনসংযোগ বিষয়া মামন বৰকটকীয়ে।













