![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : নগাঁও চহৰৰ হয়বৰগাঁৱৰ গৌৰৱ উপাধ্যায় নামৰ এজন লোকৰ ঘৰত মঙলবাৰে নিশা সংঘটিত চুৰিৰ ঘটনাত জড়িত দুজন লোকক আৰক্ষীয়ে আটক কৰাৰ লগতে কেতবোৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
উল্লেখ্য, চোৰে গৌৰৱ উপাধ্যায়ৰ ঘৰৰ পৰা এটা মোবাইল ফোন,দুটা লেপটপকে ধৰি সোণ-ৰূপৰ অলংকাৰ আৰু নগদ ধন লুটি নিয়ে ৷ ঘটনা সন্দৰ্ভত উপ্যাধায়ে হয়বৰগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত হয়বৰগাঁও আৰক্ষীয়ে কালি নিশা অভিযান চলাই চুৰি সামগ্ৰীসহ ছাদ্দাম হুছেইন আৰু মইনুল হক নামৰ দুজন অভিযুক্তক আটক কৰে ।
ইপিনে আৰক্ষীয়ে অভিযুক্ত কেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত এখন দোকানৰ পিচফালে থকা জাবৰ পেলোৱা স্হানৰ পৰা অলংকাৰ, লেপটপ,নগদ ধনকে ধৰি উপধ্যায়ৰ ঘৰৰ পৰা চুৰি হোৱা সামগ্ৰী সমূহ উদ্ধাৰ কৰে ৷













