লংকা : লংকাৰ ২নং কাকী চাৰিআলিত থকা ইউনাইটেড বেংক অব ইণ্ডিয়াৰ এটিএমত যোৱা নিশা চুৰি হয়৷ চোৰে ছাটাৰৰ পাঁচটাকৈ তলা কাটি এটিএমটোত অগ্নিসংযোগ কৰি চুৰি কাণ্ড সংঘটিত কৰে ৷
বাতৰি লিখা পৰলৈকে লুট কৰা ধনৰ পৰিমাণ জানিব পৰা নাই৷ মন কৰিব লগা যে কালি আবেলি এটিএমটোত টকা ভৰাইছিল ৷ ইতিমধ্যে আৰক্ষী এটিএমৰ স্থানত উপস্থিত হৈছে আৰু তদন্ত আৰম্ভ কৰিছে ৷