![]()
জিতেন বৰকটকী:
নগাঁও : “প্ৰকৃতিৰ সৈতে নিবিড় আত্মীয়তাই মানুহৰ মনত নৈসৰ্গিক আনন্দৰ সৃষ্টি কৰে ৷সৃষ্টিশীল কামত প্ৰবৃত্ত হৈ থাকিলেও মানুহৰ জীৱনত অনাবিল আনন্দ পাব পাৰি ৷ মানুহৰ সেৱাত উৎসৰ্গিকৃত ভাবেৰে কাম কৰিলে প্ৰকৃত আনন্দ পোৱা যায় ৷
সেয়ে মানুহে সৃজনীশীল কৰ্মৰ জৰিয়তে মধুৰ প্ৰশান্তি লভাৰ লগতে সমাজৰ সেৱাৰ বাবেও আত্ম নিয়োগ কৰিব পাৰে ৷ সুৰৰ পানচৈ শিল্পী সমাজৰ জৰিয়তে নগাঁৱৰ সুন্দৰ মনৰ মানুহখিনি একত্ৰিত হৈ নতুন প্ৰজন্মক সুন্দৰৰ আৰধনাত ব্ৰতী হ’বলৈ অহৰহ প্ৰচেষ্টা কৰি থকাটো সমাজৰ বাবে শুভ বাৰ্তা ৷”
নগাঁৱৰ এটি অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান সুৰৰ পানচৈ শিল্পী সমাজৰ ত্ৰয়োদশ সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠানৰ শুভ উদ্বোধন কৰি কামৰূপ জিলাৰ ডিমৰীয়া মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক মোহিনী মোহন ডেকাই এনেদৰে কয় ৷
প্ৰয়াত সাহিত্যিক পেঞ্চনাৰ বিউটি ৰহমানৰ স্মৃতিত শিল্পী সমাজে অনুষ্ঠিত কৰা বৰ্ষপূৰ্তি অনুষ্ঠানৰ শুভাৰম্ভ কৰি অধ্যাপক ডেকাই সুসাহিত্যিক বিউটি ৰহমানে দেখা সপোনবোৰ সুৰৰ পানচৈ শিল্পী সমাজৰ উদ্যোক্তা সকলে বাস্তৱায়িত কৰিবলৈ অহোপুৰুষাৰ্থ কৰাটো আমাৰ সমাজৰ বাবে অতি আনন্দদায়ক বতৰা বুলিও মন্তব্য কৰে।
অনুষ্ঠানৰ আৰম্ভণিতে প্ৰধান শিক্ষয়িত্ৰী মীনা বৰাই গুৰুজনাৰ এটি ঘোষা পৰিৱেশন কৰে। সুৰৰ পানচৈ শিল্পী সমাজৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰাঞ্জল বৰদলৈয়ে সামগ্রিকভাৱে পৰিচালনা কৰা অনুষ্ঠানত শিল্পী সকল ক্ৰমে গম্ভীৰ নাথ, আতিকুৰ ৰহমান, দীপক শৰ্মা, সন্তোষ কলিতা,কোকিল হাজৰিকা, নিশামণি বৰা, চন্দনা বৰুৱা,মীনা বৰা, জ্যোতিৰেখা বৰুৱা, নীলাক্ষী বৰাই গীত পৰিৱেশন কৰাৰ সমান্তৰালভাৱে প্ৰদীপ শইকীয়া, অনিল চন্দ্ৰ নাথ, কবিতা বৰা,কাৰুণ্য ভট্ৰাচাৰ্য, দীপিকা শইকীয়া, ৰাতুল শৰ্মা, প্ৰাঞ্জল মহন্ত, পুষ্টজ্যোতি নাথ, মৌচুম বৰদলৈকে ধৰি কেইবাগৰাকীও ন-পুৰণি কবিয়ে কবিতা পাঠ কৰে ৷
উল্লেখ্য যে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত ষষ্ঠ স্থান দখল কৰা হৰ্ষিতা বৰঠাকুৰ আৰু মাত্ৰ দুটি নম্বৰৰ বাবে স্হান লাভৰ পৰা বঞ্চিত হোৱা শিল্পী সমাজৰ কণিষ্ঠতম উদীয়মান কণ্ঠশিল্পী কীৰ্তি কৃষ্টি বৰাক শিল্পী সমাজৰ তৰফৰ পৰা অভিনন্দন জনোৱা হয় । আনহাতে দুয়োগৰাকী কৃতী ছাত্ৰীয়ে দুটি কবিতা আবৃত্তি কৰি সকলোকে মুগ্ধ কৰে ।
শিশু শিল্পীদ্বয় পৰী বৰদলৈ আৰু প্ৰিয়া ৰাণী বৰাই পৰিৱেশন কৰা নৃত্যই অনুষ্ঠানটিক অধিক প্ৰাণৱন্ত কৰাৰ লগতে ইয়াৰ জৰিয়তে সমাজৰ পৰা মহামাৰী কৰ’না নিঃশেষৰ বাবেও প্ৰচেষ্টা কৰা হয় ৷ অনুষ্ঠানটিত বয়োজ্যেষ্ঠ ব্যক্তি তথা নামাচাৰ্য জয়ৰাম শইকীয়াই মনৰ অনুভৱ প্ৰকাশ কৰি এনে এটি অনুষ্ঠানৰ অংশীদাৰ হ’বলৈ পাই সন্তোষ প্ৰকাশ কৰে ।













