নিউজ ডেস্কঃ
ডাক্তৰ মানেই ভগৱানৰ আন এক ৰূপ। যিয়ে মৃত্যুৰ মুখৰ পৰা যুঁজ কৰি ঘূৰাই আনিছে বহুত মানুহক। কিন্তু বহুতেই সেয়া কৰে মোটা অংকৰ ফিজৰ বিনিময়ত, দৰিদ্র হ’লেও ৰোগীৰ প্রতি আর্থিক ক্ষেত্রত কোনো ধৰণৰ কাৰুণ্য নেদেখায়৷
কিন্তু সেই ডাক্তৰৰ মাজতো আছে বিপৰীত মেৰুৰ লোক। আজীৱন মানৱ সেৱাই যাৰ ব্রত। তেওঁলোকৰ মাজৰেই এজন মহম্মদ মুশালি। মিছৰৰ দুখীয়া মানুহৰ ওচৰত মহম্মদ মুশালি আছিল সাক্ষাৎ দেৱদূত। আজীৱন মানৱ কল্যাণৰ ব্রতকে সন্মুখত ৰাখি এই চিকিৎসকজনে কোনো গৰীবৰ পৰা এটি ফুটা কড়িও দাবী কৰা নাই৷
এই মহান লোকজনৰ মৃত্যুত কান্দিছে সমগ্ৰ মিছৰে। তেওঁক শেষ শ্রদ্ধা জনাবলৈ বেহেইৰা অঞ্চলত হাজিৰ হৈছিল অসংখ্য অনুৰাগী।মহম্মদ মুশালি নিজেও জন্মিছিল অভাৱৰ সংসাৰত৷ শূন্যৰ পৰা আৰম্ভ কৰা এই লোকজনে কেতিয়াও মাটিৰ পৰা ভৰি দঙা নাই৷
জীৱনৰ বেছিভাগ সময়েই তেওঁ পাৰ কৰিছে আর্তজনৰ সেৱাত। সেয়ে হয়তো মিছৰৰ জনগণৰ ওচৰত তেওঁ ‘গৰীবৰ ভগৱান’ হিচাপে জনাজাত। এবাৰ এটি সাক্ষাৎকাৰত তেওঁ দাঙি ধৰিছিল মিছৰৰ প্রান্তীয় অঞ্চলবোৰত ভাঙি পৰা স্বাস্থ্য ব্যৱস্থাৰ কথা৷ কেনেদৰে গৰীব নিৰুপায় মানুহবোৰে ৰোগৰ ওচৰত আত্মসমর্পণ কৰিছে তাকে শুনি কান্দিছিল সমগ্ৰ দেশে৷
কোৱা বাহুল্য, জীৱনত সন্মান আৰু পুৰস্কাৰ পাইছে বহু।কিন্তু চৰকাৰী, বেচৰকাৰী, আন্তর্জাতিক পুৰস্কাৰেৰে ভূষিত এই ডাক্তৰগৰাকীৰ স্থান সমাজ কল্যাণৰ ৰেকর্ড বহীত নহয়। প্রতিজন মিছৰবাসীৰ হৃদয় সিংহাসনত।