![]()
অজন্তা তালুকদাৰ:
বােকাখাত : আজি সদৌ গোলাঘাট জিলা ছাত্র সন্থাৰ আহ্বান মর্মে বােকাখাত বাৰোৱাৰী পূজা সমিতিৰ সন্মুখত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বোকাখাত আঞ্চলিক ছাত্র সন্থা উদ্যোগত পৰিবেশ প্রভাৱ নিৰুপন অধিসূচনা (ই আই এ) ২০২০ বাতিলৰ দাবীত মানৱ শৃংখল আৰু প্রতিলিপি দাহ কার্যসূচী ৰূপায়ন কৰা হয়।
কেন্দ্রীয় চৰকাৰৰ এই উত্তৰ পূর্বঞ্চল বিৰোধী নীতি বাতিলৰ দাবীত তীব্র হুংকাৰ প্ৰদান কৰে ছাত্ৰ সন্থাই, যিহেতু এই অধিসূচনাৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ পৰিবেশৰ ওপৰত ব্যাপক প্রভাৱ পৰিলক্ষিত হ’ব।
উক্ত কাৰ্যসূচীত বোকাখাত আঞ্চলিক ছাত্র সন্থাৰ ভাৰপ্রাপ্ত সভাপতি দিব্যজ্যোতি গগৈ, ভাৰপ্রাপ্ত সাধাৰণ সম্পাদক প্রাঞ্জল শৰ্মা, সদৌ গোলাঘাট জিলা ছাত্র সন্থাৰ উপদেষ্টা দাদুল বৰা, বােকাখাত মহকুমা ছাত্র সন্থাৰ সভাপতি মানৱ গগৈ আৰু সাধাৰণ সম্পাদক গীতার্থ শইকীয়া উপস্থিত থাকি কেন্দ্রীয় চৰকাৰৰ এই হঠকাৰী নীতিৰ বিৰুদ্ধে তীব্র ক্ষোভ প্রকাশ কৰা হয় বুলি বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি দিব্যজ্যোতি গগৈ আৰু ভাৰপ্রাপ্ত সাধাৰণ সম্পাদক প্রাঞ্জল শৰ্মা স্বাক্ষৰিত এক প্ৰেছ বিবৃতি যোগে জনোৱা হৈছে।













