![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও: নগাঁও কেন্দ্ৰীয় কাৰাগাৰত দ্ৰুত গতিত বৃদ্ধি পাব ধৰিছে ক’ৰোনাৰ সংক্ৰমণ। নগাঁও কেন্দ্ৰীয় কাৰাগাৰত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ১৮৫ জন। ৪১৯ জন কয়দী থকা কেন্দ্ৰীয় কাৰাগাৰখনত স্বাস্থ্য বিভাগে আজি কৰা ৰেপিড এন্টিজেন টেষ্টত সামৰি লৈছিল ১৯৫ জন কয়দীক।
ইয়াৰে ১২৬জনৰ দেহতে কোভিড- ১৯ পজিটিভ পোৱাৰ লগে লগে কাৰাগাৰখনত আতংকৰ সৃষ্টি হয়। ইয়াৰ পূৰ্বেও কাৰাগাৰখনৰ চিকিৎসকসহ মুঠ ৫৯ জনৰ দেহত ধৰা পৰিছিল ক’ৰোনাৰ সংক্ৰমণ।
আনহাতে আজি দিনটোত জিলাখনত সৰ্বাধিক ২০৩ জন লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰে । বৰ্তমানলৈকে জিলাখনত ১৮৭৬জন লোক ক’ৰোনাত আক্ৰান্ত হয় যদিও ইয়াৰে ১৬২৩জনে আৰোগ্য লাভ কৰিছে।
ইপিনে ক’ৰোনাত আক্ৰান্ত নগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ জিলা তথ্য বিষয়া মঞ্জিল শৰ্মাৰ স্বাস্থ্যৰ অৱস্থা শোচনীয় হৈ পৰাত তেওঁক গুৱাহাটী মেডিকেল কলেজৰ আই চি ইউত ভৰ্তি কৰা হয় বুলি জানিব পৰা গৈছে ।













