![]()
নিউজ ডেক্স:
উন্নয়নৰ ঢাক – ঢোল বজাই পাঁচটা বছৰ অতিক্ৰমি পুনৰ নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধি সাজু হৈছে গেৰুৱা বাহিনী। নিতৌ প্ৰচাৰ হৈছে নতুন নতুন আঁচনিৰ চমক। কিন্তু আদবাটতে এৰি আহিছে চৰকাৰী ধনেৰে কোটি কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা কিছুমান অনুষ্ঠান।

আধৰুৱা হৈ জহি খহি গৈ জীৱ-জন্তুৰ বাসস্থানত পৰিণত হোৱাৰ উদাহৰণ অসমৰ চুকে কোণে আঙুলিৰ মূৰত গণিব নোৱাৰা হৈছেগৈ। তেনে এটা উদাহৰণ হৈছে শোণিতপুৰ জিলাৰ বৰছলাৰ “মডেল হাস্পতাল”, যিখনৰ সাত বছৰ আগতেই নিৰ্মাণ কাৰ্য্য আৰম্ভ হৈছিল।
কিন্তু অসমাপ্ত হাস্পতালখন এতিয়া গৰু-ছাগলীৰ গোহালিত পৰিণ হৈছে। জানিব পৰা মতে একমাত্ৰ ঠিকাদাৰৰ গাফিলটি আৰু স্থানীয় বিধায়কৰ অমানোযোগিতাৰ বাবে এই মডেল হাস্পতালখন সাত টা বছৰে সম্পূৰ্ণ নহ’ল। ফলত ৰাইজে আশা কৰা দৰে চিকিৎসালয়খনৰ সেৱাৰ পৰা বঞ্চিত হ’ব লগা হৈছে৷













