![]()
অজন্তা তালুকদাৰ:
বোকাখাত : আজি বোকাখাত নাট্যমন্দিৰত আয়োজিত এক মত বিনিময় অনুষ্ঠানত আঞ্চলিক গণমৰ্চাৰ আহ্বায়ক, ৰাজ্যসভাৰ সাংসদ, বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই কয় যে ২০২১ চনৰ নিৰ্বাচনত অসম বিধানসভাৰ বোকাখাতৰ আসনখন বোকাখাতৰ ৰাইজে আঞ্চলিক গণমৰ্চালৈ আগবঢ়াই দিব।
যুৱনেতা সোণেশ্বৰ নৰহ আৰু প্ৰনৱ দলেৰ আহ্বানত অনুষ্ঠিত অনুষ্ঠানত ভূঞাই ৰাষ্ট্ৰীয় অথবা অগপৰ আঞ্চলিকতাবাদত বিতুষ্ট যিমানখিনি মানুহ আজি গণমৰ্চাৰ পক্ষত আছে বুলি দাবী কৰে। অসম চৰকাৰে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত নিজৰ ব্যৰ্থতা ঢাকিবলৈ কৰ’ণা কভিড-১৯ ক অস্ত্ৰ ৰূপে ব্যৱহাৰ কৰা বুলিও নিজৰ ভাষণত উল্লেখ কৰে ভূঞাই।
সম্প্ৰতি অভূতপূৰ্ব সঁহাৰি লাভ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমান অসমৰ সকলো প্ৰাকৃতিক সম্পদ কেন্দ্ৰীয় চৰকাৰৰ দখললৈ নিয়াৰ ষড়যন্ত্ৰ চলিছে। তেওঁ আৰু কয় যে অসম চুক্তিক নস্যাৎ কৰি ১৯৫১ চনক নাগৰিকত্বৰ সময়সীমা কৰিবলৈ তৎপৰ চৰকাৰে কেৱল ভোটৰ ৰাজনীতি কৰিছে।
এখন প্ৰথম শ্ৰেণীৰ বাতৰি কাকতৰ সম্পাদক হিচাপে স্বেচ্ছাচাৰী শাসকে জেললৈ পথোৱা ভূঞাই দেশৰ একমাত্ৰ লোক বুলি উল্লেখ কৰি কয় যে চতুৰ্থ স্তম্ভৰ মুখ বন্ধৰ বাবে এয়া আছিল নিকৃষ্ট পন্থা।
‘আঞ্চলিকতাবাদক ভালপোৱা সকলেই গণমৰ্চাৰ সমৰ্থক আৰু অগপৰ আঞ্চলিকতাবাদত এতিয়া আৰু আমাৰ বিশ্বাস নাই’ বুলি উল্লেখ কৰি মন্ত্ৰী অতুল বৰাক কটাক্ষ কৰি ভূঞাই কয়- ‘বোকাখাতৰ জনেই ইয়াৰ অন্যতম উদাহৰণ। লগতে নৱপ্ৰজন্মক নতুন ধাৰালৈ আহিবলৈ আহ্বান জনায় ভূঞাই।
অনুষ্ঠানত উপস্থিত থাকি অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই ভাৰতৰ স্বাধীনোত্তৰ কালত অসমত হোৱা আন্দোলন সমূহৰ ব্যাখ্যা আগবঢ়াই অজিত ভূঞাৰ নেতৃত্বৰ নতুন ৰাজনৈতিক শক্তিক আদৰণি জনায়। অনুষ্ঠান আৰু বক্তব্য আগবঢ়ায় বিশিষ্ট সমাজকৰ্মী ৰেৱ গগৈ, জীৱন চন্দ্ৰ বৰা, কল্পনা চেতিয়া, বিশিষ্ট সাংবাদিক-সমালোচক মনজিৎ মহন্ত, শান্তনু বৰঠাকুৰ, হলিৰাম টেৰাঙে। এই অনুষ্ঠানতে নৱগঠিত ৰাজনৈতিক দলটোৰ প্ৰতি আস্থা আগবঢ়াই এক প্ৰস্তাৱো গ্ৰহণ কৰা হয়।













