![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
বোকাখাত : ক’ৰোনা সংক্ৰমনৰ ভয়াবহ পৰিস্থিতিত দেশব্যাপী সৃষ্টি হোৱা অৰ্থ সংকটৰ প্ৰভাৱ বাতৰি কাকতৰ উদ্যোগৰ ওপৰতো পৰিছে ৷
এনে সংকটৰ কালত গনতন্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ উদ্যোগ সমুহক সকাহ দিয়াৰ লগতে সাংবাদিকৰ বাবেও ইতিমধ্যে গুৱাহাটী প্ৰেছ ক্লাব, আজু আদি সাংবাদিক সন্থা সমুহে অৰ্থ সাহাৰ্য আগবঢ়াবলৈ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিছে ৷
এই পৰিপ্ৰেক্ষিতত আপকুৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰবীন সাংবাদিক ভবেশ শইকীয়াই এই দাবীৰ প্ৰতি পূৰ্ণ সমৰ্থন জনোৱাৰ লগতে ক্ষুদ্ৰ বাতৰি কাকতকো সামৰি অৰ্থ সাহাৰ্য প্ৰদানৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে ৷
তিনিটা দাবী সম্বলিত এই স্মাৰক পত্ৰত উল্লেখ কৰিছে যে চৰকাৰী পঞ্জীয়নভূক্ত স্থানীয় ভাৱে প্ৰকাশিত ক্ষুদ্ৰ বাতৰি কাকতবোৰও এই সংকটৰ সন্মুখীন হৈছে ৷
সেয়েহে এনে পৰ্যায়ৰ বাতৰি কাকতক প্ৰয়োজনীয় কাগজৰ যোগান ধৰা , স্থানীয় মহকুমা তথা জিলা পৰ্যায়ত প্ৰকাশ পাব লগা বিজ্ঞাপন প্ৰকাশৰ বাবে ক্ষুদ্ৰ বাতৰি কাকতক সুবিধা দিয়া , সাময়িক সকাহৰ বাবে কিছু আৰ্থিক সাহাৰ্য প্ৰদানকে ধৰি কেইবাটাও দাবীৰে আজি বোকাখাতৰ মহকুমাধিপতিৰ জড়িয়তে মখুমন্ত্ৰীলৈ পঠাবৰ বাবে মহকুমাধিপতিৰ হাতত অৰ্পণ কৰে ৷













