![]()
অজন্তা তালুকদাৰ:
বোকাখাত : বোকাখাত নগৰৰ এখন ঔষধৰ দোকানৰ এগৰাকী গ্ৰাহকৰ শৰীৰত ৯ জুলাইত কভিড ১৯ ৰ সংক্ৰমন ধৰা পৰাৰ পাচতেই নগৰ খনত গণ-সংক্ৰমন হ’ব পৰাৰ আশংকা কৰি বিহিত ব্যৱস্থা লোৱাৰ উপৰিও দোকানখন চিকিৎসক স্বত্বাধিকাৰ আৰু কৰ্মচাৰী সকলক কোৱাৰেন্টাইন কৰা হৈছিল ৷
ইয়াৰ পাচত ৩০ জুলাইৰ সন্ধ্যা বোকাখাত নগৰৰ মোৰাৰকা ব্ৰাদাৰ্চ নামৰ কাপোৰৰ বিপনি এখনৰ চাৰিজন লোকৰ শৰীৰত কভিড ১৯ ৰ সংক্ৰমন পোৱা গৈছে ৷ বিপনীখনৰ স্বত্বাধিকাৰ সন্তোষ মোৰাৰকা , শ্ৰৱন মোৰাৰকা আৰু প্ৰশান্ত মোৰাৰকাৰ লগতে বিপনী খনৰ কৰ্মচাৰী অৰ্জুন লাল শৰ্মাৰ শৰীৰত কভিড ১৯ ৰ সংক্ৰমন পোৱা গৈছে ৷
ইয়াৰ পাচতে বোকাখাত কাৰ্যত: কভিড ১৯ ৰ গন সংক্ৰমন আৰম্ভ হৈছে ৷ মহকুমা প্ৰশাসনৰ দ্বাৰা বোকাখাত নগৰত আৰম্ভ কৰা গ কভিড ১৯ ৰ সংক্ৰমনৰ তৎকালীন পৰীক্ষাত এই চাৰিজনৰ শৰীৰত কভিড ১৯ ৰ উপস্থিতি ধৰা পৰিল ৷
ইয়াৰ পাচতেই আজি পুৱাৰে পৰাই মোৰাৰকা ব্ৰাদাৰ্চ নামৰ বিপনিখন বন্ধ কৰি কনটেনমেন্ট কৰাৰ লগতে মোৰাৰকা পৰিয়ালৰ লগতে অৰ্জুন লাল শৰ্মাৰ পৰিয়ালক কোৱাৰেন্টাইন কৰি কভিড ১৯ সংক্ৰমনৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে বোকাখাতৰ মহকুমা প্ৰশাসনে ৷
ইফালে কভিড ১৯ ৰ দ্ধাৰা সংক্ৰমিত চাৰিওজনকে কভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ মন কৰিব লগীয়া যে বোকাখাত নগৰৰ মাজ মজিয়াত অৱস্থিত মোৰাৰকা ব্ৰাদাৰ্চ নামৰ কাপোৰৰ বিপনিখনত ৩০ জুলাই সন্ধ্যালৈকে ক্ৰয় বিক্ৰয় চলি আছিল ৷
বহু গ্ৰাহকে কালি সন্ধিয়ালৈকে উক্ত দোকানৰ পৰা কাপোৰ ক্ৰয় কৰিছিল ৷ যাৰ বাবে এই দোকানৰ পৰা আৰু বহুত লোক কভিড ১৯ ৰ দ্বাৰা সংক্ৰমিত হোৱাৰ সম্ভাৱনা আছে ৷ ইয়াৰে পটভুমিত চহৰখনত পৌৰপ্ৰশাসন আৰু মহকুমা প্ৰশাসনে আৰম্ভ কৰিছে ৰেপিড এন্টিজেন টেষ্টৰ ব্যৱস্থা ৷













