

নগাঁও : অসম চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা পদত শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ সদস্য-সদস্যাক স্থায়ী নিযুক্ত প্ৰদানৰ দাবী উত্থাপন কৰিছে অসম আন্দোলনৰ শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদে। নগাঁও জিলা সাহিত্য সভাৰ কমলাদেৱী টোডী ভৱনত আজি এক সংবাদমেল আয়োজন কৰি এই দাবী উত্থাপন কৰে পৰিষদৰ মুখ্য সম্পাদক মানিক চন্দ্ৰ দেবনাথে।
সংবাদমেলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীলৈ অনুৰোধ জনাই দেৱনাথে কয় যে অসম চৰকাৰৰ চুক্তি ৰূপায়ণ বিভাগৰ নিৰ্দেশ মৰ্মে শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ সদস্য-সদ্যস্যাই জিলা উপায়ুক্তৰ পৰা সত্যতাৰ প্ৰমাণ-পত্ৰ লৈ অসম চৰকাৰৰ বিভিন্ন বিভাগত কৰ্ম সংস্থাপন বিচাৰি আবেদন কৰিছিল। এই আবেদন কৰা প্ৰায় ৩১৫ জনৰ মাত্ৰ ৫ জনেহে নিযুক্তি লাভ কৰিবলৈ সক্ষম হয়। ৩১০ জনেই বঞ্চিত হ’ল।
সেয়ে অনাগত দিনত হ’বলগীয়া নিযুক্তি প্ৰক্ৰিয়াত বঞ্চিত শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ সদস্যসকলক নিযুক্তি দিবৰ বাবে সংবাদমেলৰ জৰিয়তে সংগঠনটোৱে দাবী জনায়।













