ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যৰ একাংশ দল-সংগঠনৰ বিৰোধিতা স্বত্বেও ভাৰত চৰকাৰৰ নতুন শিক্ষানীতি-২০২০ক আনুষ্ঠানিক ভাৱে আদৰণি অসম চৰকাৰৰ।জনতা ভৱনত সম্বোধন কৰা সংবাদমেলত এই কথা ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
নতুন শিক্ষানীতি কাৰ্যকৰী কৰা বাবে শিক্ষাবিভাগৰ সচিবৰ নেতৃত্বত ৪০জনীয়া কমিটি গঠন কৰা বুলিও তেওঁ জানিব দিয়ে।উক্ত কমিটিয়ে যিধৰনে ইয়াৰ কাৰ্যকৰী কৰাৰ পৰামৰ্শ দিব সেই অনুসৰি নতুন শিক্ষানীতি কাৰ্যকৰী হব ৰাজ্যত।
নতুন শিক্ষানীতিয়ে কোৱা বহুত কাম ইতিমধ্যে ৰাজ্য শিক্ষা ব্যৱস্থা কৰি থকা বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয়-নতুন শিক্ষানীতি কাৰ্যকৰী কৰিবলৈ বৰ্তমানৰ শৈক্ষিক কাঠামোৰ পৰিৱৰ্তন কৰিব লাগিব।
ছাত্ৰ-ছাত্ৰীক পূৰ্ণ মানৱ সম্পদ গঢ় দিয়াত নতুন শিক্ষানীতিয়ে গুৰুত্ব ভূমিকা গ্ৰহণ কৰিব।দ্বাদশ শ্ৰেণীলৈ মান্যতা পাব শিক্ষাই।শিক্ষা জীৱন আৰম্ভ হব মাতৃভাষাৰে।কলেজ সমূহে স্বায়ত্ব শাসনৰ কৰ্তৃত্ব লাভ কৰিব ২০৩০ চনৰ ভিতৰত- মন্ত্ৰী শৰ্মাই কয়।
অসমৰ বাৰেৰহনীয়া কলা-কৃষ্টি, ভাষা-সংস্কৃতি আগবঢ়াই নিয়াত সহায়ক হব নতুন শিক্ষানীতিয়ে।নতুনকৈ শিক্ষাবিভাগৰ সৈতে জড়িত হ’ব বহু নতুন যুৱক-যুৱতী বুলিও তেওঁ উল্লেখ কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে ।