ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমৰ শিক্ষা বিভাগে ৰাজ্যৰ ১৬খন মহাবিদ্যালয়ত নতুনকৈ প্ৰৱৰ্তন কৰিছে বিজ্ঞান শাখা।নতুনকৈ বিজ্ঞান শাখা প্ৰৱৰ্তন কৰা মহাবিদ্যালয় কেইখন আনুষ্ঠানিক ভাৱে ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
জনতাৰ ভৱনত ঘোষণা কৰা মহাবিদ্যালয় কেইখন হৈছে- জি এল চি কলেজ বৰপেটা, বিহালী কলেজ বিশ্বনাথ জিলা, চিলাপথাৰ কলেজ ধেমাজি, ডি ডি আৰ কলেজ চাবোৱা, জয়া কলেজ গোলাঘাট, এছ বি দেউৰা কলেজ গুৱাহাটী, সুৰেন দাস কলেজ হাজো, পূৰ্ব কাৰ্বি আংলং কলেজ, মাইবঙ কলেজ ডিমা হাছাও, পাথাৰকান্দি কলেজ কৰিমগঞ্জ, জেংৰাইমুখ কলেজ মাজুলী, নগাঁও কলেজ, বৰক্ষেত্ৰি কলেজ নলবাৰী, ৰঙাপাৰা কলেজ শোণিতপুৰ, শদিয়া কলেজ তিনিচুকীয়া, পণ্ডিত দীনদয়াল উপাধ্যায় আদর্শ কলেজ বঙাইগাঁও।চলিত বৰ্ষৰ পৰা বিজ্ঞান শাখাৰ পাঠ্যক্ৰম আৰম্ভ হব মহাবিদ্যালয় কেইখনত।
২৪০টা অধ্যাপক-অধ্যাপিকা আৰু ৮০টা তৃতীয়-চতুৰ্থবৰ্গ পদত নতুনকৈ নিযুক্তি হ’ব উক্ত মহাবিদ্যালয় কেইখনত।আগন্ত এক সপ্তাহৰ ভিতৰত মহাবিদ্যালয় সমূহক বিজ্ঞাপন জাৰি কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে শিক্ষা বিভাগে সেই অনুসৰি ৪৫দিনৰ ভিতৰতে পদ সমূহত নিযুক্তিৰ সম্পূণ কৰাৰো পৰামৰ্শ দিছে শিক্ষা বিভাগে।