স্পৰ্টছ ডেস্কঃ
অৱশেষত দেওবাৰে অনুষ্ঠিত বিচিচিআইৰ সভাত পূৰ্ব পৰিকল্পনা মতেই চলিত বৰ্ষৰ আইপিএল অনুষ্ঠিত কৰাৰ সকলো পৰিকল্পনা চূড়ান্ত কৰা হয়। পৰিকল্পনা মতে, ১০ দিন দুখনকৈ মেচ হ’ব। দুপৰীয়াৰ মেচ আৰম্ভ হ’ব ভাৰতীয় সময় মতে চাৰে তিনিটাত।শাৰ মেচ চাৰে সাতটাৰ পৰা।
মৰুৰ দেশত আইপিএল আৰম্ভ হ’ব ১৯ ছেপ্টেম্বৰত।
ফাইনেল হ’ব ১০ নৱেম্বৰত। প্রথমতে নৱেম্বৰৰ প্রথম সপ্তাহতেই ফাইনেল অনুষ্ঠিত কৰাৰ কথা আছিল। যিহেতু ডিচেম্বৰৰ প্রথম সপ্তাহৰ পৰা কোহলি বাহিনীৰ অষ্ট্ৰেলিয়া ভ্ৰমণ আৰম্ভ হোৱাৰ কথা। কিন্তু আইপিএলৰ টিভি সম্প্রচাৰ স্বত্বৰ অধিকাৰী ষ্টাৰ স্পর্টছে বিচাৰিছিল, বিজ্ঞাপনী বজাৰক আকৃষ্ট কৰাৰ বাবে দীপাৱলী সপ্তাহত ফাইনেল হওক। দীপাৱলী ১৪ নৱেম্বৰত। তাৰ পূৰ্বে ১০ নৱেম্বৰত ফাইনেল।
যি বিষয়টোক লৈ সকলোতকৈ বেছি জল্পনা চলিছিল, সেয়া হৈছে ক্রিকেটাৰসকলে তেওঁলোকৰ পৰিয়ালক লগত নিব পাৰিবনে নোৱাৰে। দেওবাৰে বোর্ডৰ আইপিএল গৱর্নিং কাউন্সিলৰ বৈঠক হয় ভিডিঅ কনফাৰেন্সৰ মাধ্যমেৰে। বোর্ড প্রেছিডেন্ট সৌৰভ গাংগুলী, আইপিএল অধ্যক্ষ ব্রিজেশ পেটেল উপস্থিত আছিল।
বোর্ড কৰ্তৃপক্ষই জনাইছে ক্রিকেটাৰসকলে তেওঁলোকৰ পৰিয়ালক লগত নিব পাৰিব। আমিৰশাহি চৰকাৰে জনাইছে, ট্যুৰিষ্টসকলৰ বাবে পুনৰ দুৱাৰ মুকলি কৰি দিয়া হৈছে। পত্নী, পৰিয়ালে তালৈ ট্যুৰিষ্ট ভিছাত যাব পাৰিব। অৰ্থাত বিৰাট কোহলিৰ পত্নী অনুষ্কা শর্মা বা ধোনিৰ পত্নী সাক্ষী যদি আইপিএলৰ সময়ত আমিৰশাহিলৈ যাব বিচাৰে তেওঁলোকে ট্যুৰিষ্ট ভিছাতেই যাব পাৰিব।
সকলো দিশ মনত ৰাখি বোর্ডৰ পৰা ‘এছঅপি’ (ষ্টেণ্ডার্ড অপাৰেটিং প্রচিডিঅৰ) তৈয়াৰ কৰা হৈছে বুলি জনাইছে সভাত অংশগ্ৰহণকাৰী এগৰাকী বিষয়াই। ৫৩ দিনৰ সুদীর্ঘ প্রতিযেগিতাৰ বাবেই পত্নী-পৰিয়ালক লগত ৰখাৰ অনুমতি দিব বোর্ডে।