স্পৰ্টছ ডেস্কঃ
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে মহিলাৰ আইপিএল আয়োজন কৰাৰ কথা চিন্তা কৰিছে৷ তাৰ বাবে ইতিমধ্যে পৰিকল্পনা কৰা হৈছে৷ বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে এই কথা জনায়৷ সংযুক্ত আৰৱ আমিৰশ্বাহিত ১৯ ছেপ্টেম্বৰৰ পৰা ১০ নৱেম্বৰলৈকে আইপিএল অনুষ্ঠিত হ’ব৷
এই সময়তে মহিলাৰ আইপিএল আয়োজন কৰাৰ কথা ভাবিছে বিচিচিআইয়ে৷ সৌৰভ গাংগুলীৰ মতে মহিলাৰ আইপিএল বা চেলেঞ্জ ট্ৰফী ১-১০ নৱেম্বৰৰ মাজত হ’ব পাৰে৷ তাৰ আগতে মহিলা খেলুৱৈৰ শিবিৰ অনুষ্ঠিত হ’ব৷