![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
বোকাখাত : গোলাঘাট জিলা মাধ্যমিক বিদ্যালয়ৰ গণিত শিক্ষকৰ মাজত গৃহ প্ৰশ্ন সন্দৰ্ভত নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয় প্ৰধান শিক্ষক মহেন শইকীয়াৰ সঞ্চালনাত এক ৱেবিনাৰ অনুষ্ঠিত হয়।
শতাধিক শিক্ষকে অংশ গ্ৰহণ কৰা ৱেবিনাৰৰ আদৰণি ভাষণ দিয়ে সমীৰ জ্যোতি মেধিয়ে। ৱেবিনাৰ উদ্বোধন কৰে গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শক ড° সমীৰণ বৰাই । বিশিষ্ট অতিথি হিচাপে অংশ লয় গোলাঘাট সমগ্ৰ শিক্ষা অভিযানৰ সমন্বয়ক ৰুণা শইকীয়াই।
ৱেবিনাৰত গৃহ কাৰ্য সন্দৰ্ভত ব্যক্তিগত অনুভৱ, শিক্ষাৰ্থীৰ সমস্যা আৰু সমাধানৰ পথৰ সম্পৰ্কত বক্তব্য ৰাখে কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ লোকেন বৰা, ত্ৰিবেণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সোনাকণ হাজৰিকা, চিনাতলী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মেকমোহন বৰা, কাকডোঙা জ্ঞানোদয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ সেনচোৱা, আঠখেলীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক আক্ৰাম হুছেইন, দেৰগাঁৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ড° দেৱজিত বৰুৱা, প্ৰশ্নকাকত প্ৰস্তুতকৰ্তা ধ্ৰুৱজ্যোতি শইকীয়াৰ লগতে শিক্ষক সকল ক্ৰমে কুৰালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰক্তিম কুমাৰ শৰ্মা, দণ্ডেশ্বৰ শইকীয়া উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ কিৰণময়ী বুঢ়াগোহাঁই শইকীয়া আৰু মনোজ মুৰাই।
ইফালে গৃহ কাৰ্যৰ প্ৰশ্নকাকতৰ মূল্যায়ণ আৰু কঠিন প্ৰশ্নৰ পৰা প্ৰকৃততে শিক্ষাৰ্থী লাভান্বিত হৈছে নে নাই সম্পৰ্কত বক্তব্য প্ৰদান কৰে শিক্ষক সকল ক্ৰমে বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৰুণ ডেকা, বোকাখাতৰ গড়মূৰ হাইস্কুলৰ সত্যেন গগৈ আৰু দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দিগন্ত কুমাৰ নাথে। ৱেবিনাৰৰ সামৰণিত শলাগ জ্ঞাপন কৰে ধ্ৰুৱজ্যোতি শইকীয়াই।













