অজন্তা তালুকদাৰ
বোকাখাত : সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বত বহুল চৰ্চিত আৰু সৰ্বজন সমাদৃত যোগ চৰ্চাক বোকাখাত অঞ্চলত সংগঠিত ৰূপ দিয়াৰ মানসেৰে যোৱা ২ আগষ্টত বোকাখাতৰ চৰকাৰী পেঞ্চনাৰ সন্থাৰ সভাকক্ষত এখন প্ৰস্তুতি সভা অনুষ্ঠিত হৈ যায়। বৃহত্তৰ বোকাখাত অঞ্চলত যোগ চৰ্চাৰ অৰ্হতা সম্পন্ন আৰু ক্ৰীড়াকৰ্মীসকলৰ উপস্থিতিত হোৱা সভাৰ সভাপতিত্ব কৰে অসমৰ সুদক্ষ খেলুৱৈ তথা ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ ৰেৱকান্ত হাজৰিকাই। সভাই বোকাখাত অঞ্চলত অসংগঠিত ৰূপত চলি থকা যোগ চৰ্চাক এক সংগঠিত, সঠিক আৰু শুদ্ধভাৱে পৰিচালিত হ’ব পৰাকৈ এক যোগ সন্থা গঠনত সহমত প্ৰকাশ কৰে।
সেই উদ্দেশ্যে অহা ২৩ আগষ্টত সন্থা গঠন কৰিবলৈ এখনি সভা আহ্বানৰ সিদ্ধান্ত লোৱা হয়। সভাত শেৱালি খনিকৰ বৰা (৯৪৩৫৭২৮৮১), ৰঞ্জন ৰাজখোৱা (৮৮৭৬৪১০৩৬৬), দিব্যজ্যোতি গোস্বামী (৯১০১১৩৪২৮৮), জগন্নাথ শৰ্মা (৯৮৬৪৭৯৬১৩, চক্ৰপানী কলিতা (৭০০২৭৮৯৮১২), অৰুন্ধতী সন্ধিকৈ (৮৬৩৮৮৯৯৮৫৫)ক আহ্বায়ক হিচাপে লৈ এখন আহ্বায়ক সমিতি গঠন কৰা হয়। সেয়ে বোকাখাত অঞ্চলৰ যোগ বিষয়ত ডিপ্লমা বা ডিগ্ৰীধাৰীসকলে উল্লিখিত যিকোনো এজন আহ্বায়কৰ সৈতে ফোন যোগে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। সভাই পৰবৰ্তী সময়ত সভাৰ স্থান সম্পৰ্কে জনোৱা হ’ব বুলি জানিবলৈ দিছে মুখ্য আহ্বায়ক শেৱালি খনিকৰ বৰাই।