
ডিফু : উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্র লাভজনক ৰাজহুৱা খণ্ডৰ উদ্যোগ বোকাজান বিলাতী মাটি কাৰখানাত থকা খালী পদসমূহৰ বিপৰীতে থলুৱা নিবনুৱা যুৱক-যুৱতীক নিযুক্তিৰ দাবীৰে আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বোকাজান আঞ্চলিক ছাত্ৰ সন্থাই। বোকাজান বিলাতী মাটি কাৰখানাৰ প্ৰবেশ পথৰ সন্মুখত সামাজিক দূৰত্ব বজাই ছাত্ৰ সন্থাৰ প্ৰায় ৫০ জনীয়া সদস্যই বহিৰাগত প্ৰাৰ্থীক নিযুক্তি দিয়া বন্ধ কৰক, ১০০ শতাংশ থলুৱা যুৱক-যুৱতীক নিযুক্তি দিয়ক, দিল্লী লবী হুচিয়াৰ, দিল্লী লবীৰ ষড়যন্ত্ৰ নচলিব আদি বিভিন্ন দাবী সম্বলিত প্লে-কাৰ্ড হাতে হাতে লৈ শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।
উল্লেখ্য যে ছাত্ৰ সন্থাই আজি প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত ভাৰতীয় চিমেন্ট উদ্যোগ নিগম লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালকলৈ এক স্মাৰক-পত্ৰও প্ৰেৰণ কৰে। বোকাজান বিলাতী মাটি কাৰখানাৰ মহাপ্ৰৱন্ধকৰ জৰিয়তে সংগঠনটোৰ আঞ্চলিক সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে পিতাম্বৰ চেতিয়া আৰু অৰিন্দম মহন্ত স্বাক্ষৰিত স্মাৰক-পত্ৰখনত উল্লেখ কৰা অনুসৰি থলুৱা নিৱনুৱাক বঞ্চিত কৰি ৰাজহুৱা খণ্ডৰ উদ্যোগটোত কোনো বহিঃৰাজ্যৰ যুৱকক সংস্থাপন দিয়াৰ দিল্লীৰ কু-চক্ৰান্তৰ সংগঠনটোৱে তীব্ৰ বিৰোধিতা কৰে।
অন্যহাতে আজিৰ কাৰ্যসূচীত উপস্থিত আছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক বেদান্ত শইকীয়াই কোনো কাৰণতেই থলুৱাক বঞ্চনা কৰি বহিঃৰাজ্যৰ প্ৰাৰ্থীক কাৰখানা কৰ্তৃপক্ষই নিযুক্তি দিব নোৱাৰিব তথা যিকোনো পৰিস্থিতিতেই কাৰখানাটোত ১০০% থলুৱাক নিযুক্তি দিবই লাগিব বুলি সকীয়াই দিয়াৰ লগতে ইস্তাহাৰ নম্বৰ এটি/০৪/২০১৯ত উল্লেখ কৰা পদসমূহৰ বিৰুদ্ধে ৯ গৰাকীকৈ বহিঃৰাজ্যৰ যুৱকক ভাৰতীয় চিমেণ্ট উদ্যোগ নিগমৰ অন্তৰ্গত বোকাজান খণ্ডৰ কাৰখানাৰ বিপৰীতে হিমাচল প্ৰদেশৰ ৰাজবন খণ্ড আৰু টেলেংগানাৰ টাণ্ডুৰ খণ্ডৰ কাৰখানা দুটাতহে নিযুক্তি দিবৰ বাবে সাক্ষাৎকাৰ অনুস্থিত কৰিছিল বুলি কয়।

সেয়েহে অনতিপলমে এই অবৈধ নিযুক্তি বাতিল কৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বহিঃৰাজ্যৰ পৰা অনা সকলো কৰ্মচাৰীক কাৰখানাটোৰ পৰা লৈ যোৱাৰ লগতে সকলো চৰকাৰী আৰু অৰ্দ্ধ-চৰকাৰী খণ্ডত থলুৱা নিৱনুৱা যুৱক-যুৱতীৰ নিযুক্তি ১০০ শতাংশ নিশ্চিত প্ৰদান কৰাৰ বাবে ছাত্ৰ সংগঠনটোৱ দাবী জনোৱাৰ লগতে অন্যথা তীব্ৰ ৰাজহুৱা আন্দোলন কৰিবলৈ বাধ্য হ’ব বুলিও স্মাৰক-পত্ৰৰ যোগেদি সংগঠনটোৱে নিগম কৰ্তৃপক্ষক সকিয়নি প্ৰদান কৰে।
উল্লেখ্য যে, ১৯৭৬ চনত উৎপাদন কাৰ্য আৰম্ভ কৰা তথা প্ৰতিদিনে ৬০০ মেট্ৰিক টন চিমেণ্ট উৎপাদনক্ষম বোকাজান বিলাতী মাটি কাৰখানাটোত ভাৰতীয় চিমেণ্ট উদ্যোগ নিগমে ৯ গৰাকীকৈ বহিঃৰাজ্যৰ যুৱকক অবৈধভাৱে নিযুক্তি দিব বিচৰা এই কু-চক্ৰান্তৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কাৰ্বি ছাত্ৰ সন্থাকে ধৰি বিভিন্ন সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও এনে থলুৱা বিৰোধী নীতিৰ বাবেই এতিয়া ক্ষুদ্ধ হৈ পৰিছে জাতীয়-জনগোষ্ঠীয় ছাত্ৰ সংগঠনসমূহৰ লগতে স্থানীয় ৰাইজ।
আনহাতে এইক্ষেত্ৰত বোকাজানৰ বিধায়ক ডাঃ নোমল ম’মিনেও শিক্ষিত থলুৱাক বঞ্চিত কৰি বহিঃৰাজ্যৰ যুৱকক সংস্থাপনৰ বিৰোধিতা কৰিছে আৰু এই সংক্ৰান্তত বোকাজান বিলাতী মাটি কাৰখানা কৰ্তৃপক্ষলৈ এখন পত্ৰও প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।













