![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : নগাঁৱত আজি আৰক্ষীৰ অভিযানত নকল সোনৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ। নগাঁৱৰ আৰক্ষীয়ে ধিং গেটৰ উৰনীয়া সেতুৰ তলত অভিযান চলাই এজন নকল সোনৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ লগতে বুজন পৰিমাণৰ নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম কাছেম আলি। জানিব পৰা মতে, যোৱা কালি সন্ধ্যা হয়বৰগাঁও আৰক্ষীৰ নৈশ তালাচীৰ সময়ত অঞ্চলটোত হাতত বেগ লৈ ঘুৰি ফুৰা এজন লোকক সন্দেহ বহত সোধ পোছ কৰাত বিষয়টো পোহৰলৈ আহে। পাছত আৰক্ষীয়ে লোক জনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ হাতৰ পৰা ২ লাখ ৫০ হাজাৰ টকা জব্দ কৰে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে লোকজনে কোনো লোকক নকল সোন বিক্ৰী কৰি এই বৃহৎ পৰিমানৰ ধনৰাশি সংগ্ৰহ কৰিছিল। আৰক্ষী সূত্ৰে জানিব পৰা মতে, কাছেম আলিয়ে বিক্ৰী কৰা এই নকল সোন খিনি লক্ষিমপুৰ জিলাৰ বঙালমৰাৰ নকল সোন ব্যৱসায়ী চক্ৰৰ পৰা আনিছিল। সম্প্ৰতি আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি বিষয়টো তদন্ত কৰি আছে।এই সমগ্ৰ কথা নগাওঁ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক কুমাৰ দত্তই সংবাদ মেল যোগে জানিবলৈ দিয়ে।













