![]()
নিউজ ডেস্কঃ
ঘোষিত হ’ল ২০১৯ বৰ্ষৰ ইউপিএছচি পৰীক্ষাৰ ফলাফল। ঘোষিত ফলাফলত এইবাৰ চাৰিগৰাকী অসম সন্তানে নাম উজলাইছে। ইয়াৰে আৰণ্যক শইকীয়াই ৫৯ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে আৰণ্যক শইকীয়া হৈছে প্রাক্তন আৰক্ষী সঞ্চালক কুলধৰ শইকীয়াৰ পুত্র। তেওঁ তৃতীয়বাৰৰ বাবে ইউপিএছচি পৰীক্ষাৰ ফলাফলত জিলিকিবলৈ সক্ষম হোৱাই নহয় আগৰ তিনিবাৰৰ তুলনাত উন্নীত কৰিছে নিজৰ ৰেংকিং।
সৰ্বভাৰতীয় প্ৰশাসনিক পৰীক্ষাৰ অন্যতম ইউপিএছচিৰ ২০১৭ বৰ্ষত আৰণ্যকে দেশৰ ভিতৰত ১৪৮সংখ্যক স্থান লাভ কৰিছিল। পৰৱৰ্তী বৰ্ষত অৰ্থাৎ ২০১৮ত দখল কৰে ২৮৭সংখ্যক স্থান৷ আনহাতে, এইবাৰ অৰ্থাৎ ২০১৯ বৰ্ষৰ সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত ৫৯সংখ্যক স্থান দখল কৰি নিজৰ ৰেংকিং যথেষ্ট উন্নত কৰে।
উল্লেখযোগ্য যে আৰণ্যকে বৰ্তমান ভাৰতীয় আৰক্ষী সেৱাৰ কৰ্ণাটক কেডাৰৰ বিষয়া হিচাপে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। আৰণ্যক শইকীয়াৰ পিতৃ কুলধৰ শইকীয়া অসম আৰক্ষীৰ প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধানৰ উপৰি বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি। আনহাতে, মাতৃ লীণা শৰ্মা ভাৰতীয় ৰে’ল সেৱাৰ বিষয়া৷
গুৰুত্বপূৰ্ণ কথা যে আৰণ্যকৰ ৰেংকিং ৫৯লৈ উন্নীত হোৱাৰ লগে লগে এতিয়া তেওঁ আইএফএছ বা আইএএছ বিষয়া হোৱাৰ পথো প্ৰশস্ত হৈ পৰিল৷ আৰণ্যক শইকীয়া বৰ্তমান কৰ্ণাটকত প্ৰশিক্ষণৰত যদিও তেওঁৰ পিতৃ কুলধৰ শইকীয়াই পুত্ৰৰ এই সফলতাত অত্যন্ত সুখী আৰু গৌৰৱবোধ কৰা বুলি প্ৰকাশ কৰিছে।













