![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : ক’ভিড-১৯ৰ দ্ৰুত গণসংক্ৰমণে নগাঁও জিলাত জটিল ৰূপ ধাৰণ কৰিছে। ফলত জিলাবাসী আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে। নগাঁও জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই আজি বিয়লি প্ৰকাশ কৰা তথ্য অনুসৰি, আজিৰ দিনটোত বিয়লি তিনি বজা পৰ্যন্ত জিলাখনত ১৮৬ গৰাকী লোক ক’ৰোনাত আক্রান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে। ইয়াকে লৈ আজি বিয়লি তিনি বজা পৰ্যন্ত জিলাখনত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ২৭৬৩ জনলৈ বৃদ্ধি পালে।
আজিও নগাঁও চহৰৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়কে প্ৰমুখ্যে জিলাখনৰ কেইবাখনো চিকিৎসালয়, কেইবাখনো নগৰ আৰু বিভিন্ন স্থানত কেইবাশ লোকৰ ৰেপিড এন্টিজেন টেষ্ট কৰোৱা হয়। আজিৰ দিনটোত ক’ৰোনাত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগে নিশ্চিত কৰা ১৮৬ গৰাকী লোকৰ ভিতৰৰ ৩০ জনক আৰ টি পি চি আৰ টেষ্টৰ জৰিয়তে আৰু ১৫৬ জনক ৰেপিড এন্টিজেন টেষ্টৰ জৰিয়তে ক’ৰোনাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হয়।
স্বাস্থ্য বিভাগৰ সূত্ৰই জনোৱা মতে, আজিৰ দিনটোত ক’ৰোনাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰাসকলৰ ভিতৰত আছে নগাঁও জিলা স্বাস্থ্য বিভাগৰ প্ৰাক্তন যুটীয়া সঞ্চালক ডাঃ ঊষা ৰঞ্জন ভট্টাচাৰ্য। ৰেপিড এন্টিজেন টেষ্টৰ জৰিয়তে তেওঁৰ দেহত ক’ভিড-১৯ৰ অৱস্থিতি ধৰা পেলোৱা হৈছে। স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়াজনক আজি গুৱাহাটীৰ চিকিৎসালয়লৈ নিয়া হৈছে।













