অজন্তা তালুকদাৰ
বোকাখাত : ব্ৰহ্মপুত্ৰ হেল্পিং হেণ্ডচ ফাউণ্ডেশ্যনৰ গোলাঘাট জিলা সমিতিখন যোৱা ২ আগষ্ট তাৰিখে বোকাখাতৰ ৰজাবাৰীত গঠন কৰা হয়। এই উদ্দেশ্যে বৰ্তমান কৰ’ণা সম্পৰ্কীয় নীতি-নিৰ্দেশনা পালন কৰি অনুষ্ঠিত হোৱা সভাত সভাপতিত্ব কৰে সমাজকৰ্মী মুকুল বৰুৱা। ব্ৰহ্মপুত্ৰ হেল্পিং হেণ্ডচ ফাউণ্ডেশ্যনৰ লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰে ফাউণ্ডেশ্যনৰ সমন্বয়ক ধ্ৰুৱজ্যোতি দত্তই।
উক্ত সভাতে ফাউণ্ডেশ্যনৰ গোলাঘাট জিলা সমিতিৰ মুকুল বৰুৱাক সভাপতি আৰু অজন্ত পূজাৰীক সম্পাদক হিচাপে লৈ এখন ৯ জনীয়া সমিতি গঠন কৰা হয়। সভাত আলোচনা ক্ৰমে কৰ’ণা ভাইৰাচৰ সংক্ৰমণ ৰোধৰ বাবে জনসাধাৰণৰ মাজত সজাগতা, মাস্ক বিতৰণ লগতে চেপ্তেম্বৰ আৰু অক্টোবৰ মাহত গছপুলি ৰোপণ আৰু বিনামূলীয়া স্বাস্থ্য শিবিৰ পতাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
উল্লেখ্য যে, উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো বহুত জনকল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰা এই ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক চন্দ্ৰেশ্বৰ শইকীয়া বৰ্তমান কৰ্মসূত্ৰে বাংগালোৰৰ বাসিন্দা। ৰজাবাৰী চাৰিআলিৰ এম টেক কম্পিউটাৰ প্ৰতিষ্ঠানত অনুষ্ঠিত সভাত সীমিত সংখ্যক ৰাইজৰ উপস্থিতিত গঠিত হোৱা জিলা সমিতিখনৰ পৰা সমাজৰ সহায় হ’ব বুলি স্থানীয় ৰাইজে আশা প্ৰকাশ কৰিছে।