ষ্টাফ ৰিপ’ৰ্টাৰ:
কাছাৰত চাঞ্চল্যকৰ অপহৰণ কাণ্ড ৷ ৫ মহীয়া শিশুক অপহৰণ কৰি ১০ লাখ টকা দাবী৷ জানিব পৰা মতে, যোৱানিশা কাছাৰ জিলাৰ সোণাই সমষ্টিৰ দেৱজ্যােতি নাথ নামৰ লোক এজনৰ ঘৰত অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে ঘৰৰ খিৰিকী ভাঙি তেওঁৰ পাঁচমহীয়া সন্তানক অপহৰণ কৰি নিয়ে৷
লগতে অপহৰণকাৰী দলটোৱে কণমানিটিৰ পিতৃ–মাতৃৰ ফোন আৰু নগদ কিছু ধন লৈ যায় আৰু পিতৃৰ ফোনেৰে অপহৰণকাৰী দলটোৱে মুক্তিৰ বাবে ১০ লাখ টকা দাবী কৰে৷
ঘটনাৰ পিছত শোকত ভাঙি পৰিছে শিশুটোৰ পিতৃ–মাতৃসহ পৰিয়াল৷ ঘটনাৰ খবৰ পাই ঘটনাস্থলীত গৈ উপস্থিত হয় কাছাৰৰ আৰক্ষী ৷ আৰক্ষীয়ে ইতিমধ্যে সমস্ত ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷ আৰু এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত এজনক আৰক্ষীয়ে আটক কৰিছে