ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰঙিয়াত অঘটন!নৈৰ সোঁতে উটুৱাই নিলে ৬জনকৈ যুৱকক।৬জনকৈ গা ধুই থকাৰ সময়তে উটুৱাই নিলে কোবাল সোঁতে। লগে লগে হুৱাদুৱা লাগে অঞ্চলটোত। ৰাইজৰ নেৰানেপেৰা চেষ্টাত চাৰিজন যুৱকক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কিন্তু এইপৰ্যন্ত দুজনৰ কোনো সন্ধান ওলোৱা নাই।
বৰ্তমানেও নিৰুদ্দেশ হৈ আছে দ্বাৰকুছিৰ মদন নন্দী (২৩) আৰু সুমন নন্দী (১৭)। ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে আৰক্ষীৰ দল। খবৰ দিয়া হৈছে SDRF বাহিনী, NDRF বাহিনীক। ৰাইজে নদীত অভিযান চলাই চেষ্টা অব্যাহত ৰাখিছে যুৱক দুজনক উদ্ধাৰৰ বাবে।
ইফালে ৰাইজে উদ্ধাৰ কৰা যুৱককেইজন বৰ্তমান বিপদমুক্ত বুলি জানিব পৰা গৈছে। যুৱককেইজন ক্ৰমে ছাহজাহান আলী (২৫), আখেৰ আলী (১৫), জয় দত্ত (২৫) আৰু অৰ্ণব সূত্ৰধৰ (১৩) ৷