ষ্টাফ ৰিপ’ৰ্টাৰ:
মৰিগাঁওত কোভিড আক্ৰান্ত প্ৰসূতিৰ মৃতদেহৰ জানাজাক লৈ উত্তপ্ত পৰিস্থিতি।কালি নিশা মৰিগাঁও অসামৰিক চিকিৎসালয়ত এগৰাকীৰ কোভিড আক্ৰান্ত প্ৰসূতিৰ মৃত্যু হয়। মৃত্যুৰ পূৰ্বে মাতৃ গৰাকীয়ে এটি সুস্থ সন্তানৰ জন্ম দিয়ে যদিও পৰৱৰ্তী সময়ত প্ৰসবকালীন জটিলতাৰ বাবে দুৰ্ভাগ্যজনক ভাবে মৃত্যুক সাৱটি লৈ মৰিগাঁও জিলাৰ বুঢ়া টেলাহীৰ হাচেনা বেগম নামৰ মাতৃ গৰাকীয়ে।
মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত ডঃ তহীদুৰ ৰহমানে প্ৰকাশ কৰা অনুসৰি প্ৰসূতি মাতৃ গৰাকী যদিও ৰেপিড এন্টিজেন টেষ্ট ত কোভিড পজিটিভ ৰূপে চিনাক্ত হৈ কিন্তু তেওঁৰ মৃত্যুৰ কাৰণ প্ৰসৱ কালীন সমস্যাহে।
পোৱাৰ ভাগত জিলা প্ৰশাসনৰ উপস্থিতিত সম্পূৰ্ণ কোভিড প্রতকল অনুসৰি বিশেষঃ বাহনেৰে মহিলা গৰাকীৰ মৃতদেহ নিজ গাওঁ লৈ জানাজা ৰ বাবে উপস্থিত হোৱাৰ পিছতে একাংশ স্থানীয় লোকে উত্তপ্ত পৰিবেশ সৃষ্টি কৰে।
একাংশ লোকে মহিলা গৰাকী যদিহে কোভিড পজিটিভ তেনেহলে গাওঁ লৈ কিয় অনা হৈছে বুলি প্ৰশ্ন কৰাৰ বিপৰীতে আন একাংশই যদিহে কোভিড পজিটিভ নহয় তেনেহলে মহিলা গৰাকীৰ মৃতদেহ নিজ গৃহত ৰাখিবলৈ জোৰ দিয়ে।
একাংশই মৃতদেহ কঢ়িওৱা বাহন সহ অতিৰিক্ত উপায়ুক্ত ডঃ তহীদুৰ ৰহমান, দণ্ডাধীশ পল্লৱ দাস , জিলা এন আৰ এইছ এমৰ দি পি এম জুফিন চুলতনা আদি বিষয়াসকলক ঘেৰাও কৰি পৰিবেশ উত্তপ্ত কৰি তোলে।
অৱশেষত ঘটনাস্থলীত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলা উপস্থিত হৈ উত্তেজিত ৰাইজক শান্ত কৰাৰ লগতে মহিলা গৰাকীৰ মৃতদেহ নিজ পৰিয়ালৰ ভূমিত জানাজা দিয়াৰ ব্যৱস্থা কৰে।