
ডিফু : সদৌ অসম আদিবাসী ছাত্র সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আজি সংগঠনটোৰ কেইবাটাও দাবীৰ সমর্থনত ৰাজ্যৰ মুখ্যমন্ত্রীলে এখনি স্মাৰক-পত্র প্রেৰণ কৰা হয়। সংগঠনটোৰ কার্বি আংলং জিলা সমিতিৰ সভাপতি-সম্পাদক ক্রমে সুনীল ডুংড়ং আৰু ৰাকেশ কুজুৰ স্বাক্ষৰিত বিবৃতিটোত অসমত বসবাস কৰি থকা আদিবাসীসকলক ২০২০ চনৰ ভিতৰতে জনজাতিৰ মর্যাদা প্রদান কৰা, চাহ মজদুৰৰ দৈনিক মজুৰি সর্বনিম্ন ৩৫০ টকালৈ বৃদ্ধি কৰা, অসমৰ আদিবাসীসকলক ভুমি পটা প্রদান কৰা আৰু আদিবাসীসকলৰ বাবে অসমত উপগ্রহীয় পৰিষদ স্থাপন কৰাৰ দাবী জনোবা হয়।
কার্বি আংলং জিলা উপায়ুক্তৰ জৰিয়তে প্রেৰণ কৰা স্মাৰক-পত্রখনত ২০১৬ চনৰ নির্বাচনী প্রচাৰৰ সময়ত শাসকীয় দলটোৱে আদিবাসীসকলক জনজাতীয় মর্যাদা প্রদানৰ প্রতিশ্রুতি প্রদান কবিছিল যদিও চৰকাৰখনৰ কার্যকাল সম্পূর্ণ হোৱাৰ বাবে মাজত মাত্র কেইটামান দিন বাকী থকা অৱস্থাতো এই প্রতিশ্রুতি পূৰণ কৰা নহ’ল বুলি উল্লেখ কৰা হয়।













