
নগাঁও : ফাৰ্মাচী শিক্ষাৰ নামত অসমত বৰ্তমান কোটিটকীয়া বেহা চলাৰ অভিযোগ উত্থাপিত হৈছে । ৰাজ্যৰ বিভিন্ন স্থানত বিভিন্ন প্ৰতিষ্ঠানে ফাৰ্মাচী শিক্ষাৰ নামত ন্যূনতম সা-সুবিধা নোহোৱাকৈয়ে চলাই আছে পাঠদান। কিন্তু ফাৰ্মাচী শিক্ষানুষ্ঠানসমূহৰ পৰিদৰ্শনৰ বাবে থকা চিকিৎসা শিক্ষা সঞ্চালকালয়, অসম আৰু ফাৰ্মাচী কাউণ্সিল অৱ ইণ্ডিয়া (PCI)ই কি ভিত্তিত এনে প্ৰতিষ্ঠানসমূহক অনুজ্ঞা-পত্ৰ প্ৰদান কৰিছে সেয়াও ৰহস্যজনক বিষয় হৈ পৰিছে ।
শেহতীয়াকৈ, নগাঁও জিলাৰ জেইল ৰোডত থকা এন ই এফ কলেজ অৱ ফাৰ্মাচিটিকেল এডুকেশ্যন নামৰ প্ৰতিষ্ঠানখনে পৰীক্ষাগাৰ নোহোৱাকৈয়ে পাঠদান চলাই থকাৰ অভিযোগ উঠিছে। নাম প্ৰকাশত অনিচ্ছুক প্ৰতিষ্ঠানখনত অধ্যয়নৰত একাংশ ছাত্ৰই সংবাদ মাধ্যমক দিয়া অভিযোগ অনুসৰি প্ৰকৃতাৰ্থত পৰীক্ষাগাৰ নথকাকৈ কোনো প্ৰতিষ্ঠানে চিকিৎসা শিক্ষা প্ৰদানৰ অনুমতি পাব নালাগে। তৎসত্বেও নগাঁও জেইল ৰোডত থকা এইখন প্ৰতিষ্ঠানক পিচিআই য়ে কিহৰ ভিত্তিত অনুজ্ঞা-পত্ৰ প্ৰদান কৰিলে সেয়া আশ্বৰ্য্যজনক।
উল্লেখযোগ্য যে, নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যখনত বৰ্তমান কাঠফুলাৰ দৰে গঢ়ি উঠা এনে প্ৰতিষ্ঠানসমূহে বৃহৎ পৰিমাণৰ মাচুলৰ বিনিময়ত বহু ছাত্ৰ-ছাত্ৰীক বৃত্তিগত শিক্ষাৰ চাৰ্টিফিকেট প্ৰদান কৰিছে যদিও এনে বিষয়সমূহে অনিশ্চয়তাৰ মুখলৈ ঠেলি দিছে বহু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত।













