![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
চিৰাঙত চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ।যোৱা নিশা ঢালিগাঁও থানাৰ অন্তৰ্গত দুখন গাঁৱৰ মধ্যস্থলত আৰক্ষীয়ে অভিযান চলাই বহু পৰিমানৰ চোৰাং কাঠ আৰু এখন টাটা ম’বাইল গাড়ী জব্দ কৰিবলৈ সক্ষম হয়। চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে কালি নিশা প্ৰায় ১১:৩০ বজাত চিৰাং আৰক্ষীয়ে গোপন সূত্ৰে লাভ কৰা তথ্যৰ আধাৰত ঢালিগাঁও থানাৰ অন্তৰ্গত বিলাসপুৰ অঞ্চলত চোৰাং কাঠ সৰবসৰবৰাহকাৰী বিৰুদ্ধে অভিযান চলায়। নিশা প্ৰায় ১২:৫৫ বজাত বিলাসপুৰ আৰু পদ্মপুৰ গাঁৱৰ মধ্যস্থলত পঞ্জীয়ন নম্বৰ বিহীন এখন টাটা ম’বাইল গাড়ী দেখি আৰক্ষীয়ে গাড়ী খনক ৰখিবলৈ সংকেট দিয়ে ।
সমুখত আৰক্ষী দেখি চোৰাং কাঠ কঢ়িয়াই অনা গাড়ী খনৰ চালকে পথৰ ওপৰত গাড়ী ৰখাই এন্ধাৰৰ সুযোগলৈ পলায়ন কৰে। আৰক্ষীয়ে পাছত গাড়ী খন ঢালিগাঁও থানালৈ আনে। মিলত কটা প্ৰকাণ্ড আকৃতিৰ বাটামবোৰৰ আনুমানিক মূল্য প্ৰায় দুই লাখ টকা হ’ব বুলি ঢালিগাঁও থানাৰ আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ।
উল্লেখ্য যে বিলাসপুৰ,পদ্মপুৰ আদি অঞ্চলৰ একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে কাঠবোৰ ভাৰত-ভূটান সীমান্তৰ সংৰক্ষিত বনাঞ্চলৰ পৰা নিশাৰ ভাগত সৰবৰাহ কৰে। এই প্ৰক্ৰিয়া দীৰ্ঘদিনৰ পৰা অব্যাহত আছে । ৰাজ্যপালে বিটিএডিৰ শাসনভাৰ গ্ৰহন কৰাৰ পাছত অবৈধ চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে । ফলত সঘনাই এইদৰে চোৰাং কাঠ জব্দ কৰাৰ তথ্য পোহৰলৈ আহিছে ।।













