![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰে তেওঁৰ নিজৰ সমষ্টি সোনাইৰএটি ৫ মহীয়া শিশুক অপহৰণ কৰি নি হত্যা কৰাৰ লগত জড়িত নৰপিশাচ কেইটাৰ ফাঁচিৰ দাবী তুলিছে। সংবাদ মাধ্যমৰ আগত লস্কৰে কয়, “মই ইতিমধ্যে আৰক্ষী প্ৰশাসনক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে গোচৰটো শীঘ্ৰে মীমাংসা কৰিবলৈ আহ্বান জনাইছো।”
তেওঁ লগতে অপৰাধী কেইটাক দৃষ্টান্তমূলক শাস্তিৰো দাবী জনায়।উল্লেখযোগ্য যে আজি পুৱতি নিশা প্ৰায় ১মান বজাত ৰংগীৰঘাট গাঁও পঞ্চায়ত এলেকাৰ হাবিৰ পৰা গাঁতত পুতি থোৱা অৱস্থাত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহটো পিছত পোষ্টমৰ্টেমৰ বাবে শিলচৰ মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰে।
অৱশ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে একো প্ৰকাশ কৰা নাই যদিও তদন্ত অব্যাহত ৰাখিছে।
ইফালে ঘটনাৰ লগত জড়িতৰ সন্দেহত আৰক্ষীয়ে তিনিজন লোক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। আৰক্ষী সূত্ৰ মতে, লোক কেইজনক মৃতদেহ উদ্ধাৰ কৰা স্থানৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।
উল্লেখযোগ্য যে ৫মহীয়া ল’ৰা শিশুটিক ৪ আগষ্টৰ মাজনিশা অভিভাৱকৰ লগত শুই থকা অৱস্থাতে অপহৰণ কৰিছিল। এক সূত্ৰ মতে, অপহৰণকাৰীয়ে শিশুটিৰ মুক্তিৰ বিনিময়ত পৰিয়ালৰ পৰা ১০ লাখ টকা দাবী কৰিছিল।













