![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
কোনো নতুন দুষ্কাৰ্য সংঘটিত নোহোৱাৰ বাবে কাছাৰ জিলা প্ৰশাসনে শিলচৰ চহৰৰ মালোগ্ৰাম আৰক্ষী চকীৰ অন্তৰ্গত অঞ্চলসমূহৰ পৰা শুকুৰবাৰে পুৱা ৬ বজাৰ পৰা সান্ধ্য আইন প্ৰত্যাহাৰ কৰে।
শুকুৰবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ জিলা ন্যায়াধীশ কেৰথী জাল্লীয়ে জাৰি কৰা এক নিৰ্দেশত কোৱা হৈছে যে বৃহস্পতিবাৰে দুপৰীয়া ১২ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ সান্ধ্য আইন শিথিল কৰি দিয়াৰ সময়ত স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ লগতে কোনো ধৰণৰ নতুন দুষ্কাৰ্য সংঘটিত হোৱাৰ খবৰ লাভ নকৰাৰ বাবে শিলচৰ নগৰৰ মালোগ্ৰাম আৰক্ষী চকীৰ অন্তৰ্গত অঞ্চলসমূহৰ পৰা সান্ধ্য আইন প্ৰত্যাহাৰ কৰা হৈছে।
উল্লেখযোগ্য যে যোৱা দেওবাৰে বিয়লিৰ ভাগত মালোগ্ৰাম আৰক্ষী চকীৰ অন্তৰ্গত ঘনিৱালা আৰু নিকটৱৰ্তী অঞ্চলসমূহত দুটা গোটৰ মাজত শিলগুটি নিক্ষেপৰ দৰে বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাত জিলা প্ৰশাসনে সোমবাৰৰ পৰা অঞ্চল কেইটাত সান্ধ্য আইন জাৰি কৰিছিল।
অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজাৰ প্ৰাক মুহূৰ্তত সংঘটিত এই ঘটনাৰ আলম লৈ সাম্প্ৰদায়িক সংঘৰ্ষৰ যাতে সূত্ৰপাত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন সামাজিক সংগঠন আৰু ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে আলোচনা মৰ্মে জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল। লগতে শান্তি-সম্প্ৰীতি অটুট ৰাখিবলৈ সকলোকে আহ্বান জনাইছিল।













