![]()
জিতেন বৰকটকী
নগাঁও : ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ ভয়াৱহতাৰ মাজতে আজি ৰাজ্যৰ অন্যতম উচ্চ শিক্ষা প্রতিষ্ঠান নগাঁও কলেজৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। আজি পুৱা প্ৰতিষ্ঠা দিৱস উপলক্ষে পতাকা উত্তোলন কৰে নগাঁও কলেজ পৰিচালনা সমিতিৰ সভাপতি ডঃ শৰৎ দত্তই ।

ইয়াৰ পিছতে অনলাইন যোগে অনুষ্ঠিত সভাত পৰিচালনা সমিতিৰ সভাপতি ডঃ শৰৎ দত্তই নগাঁও কলেজৰ অগ্রগতিৰ বিষয়ে উল্লেখ কৰি নতুন শিক্ষা নীতি-২০২০ কাৰ্যকৰী কৰাৰ বাবে নগাঁও মহাবিদ্যালয়ৰ আন্তঃগাঁথনি যথাযথ বুলি মন্তব্য কৰে ।
নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কলেজখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সকলোকে অভিনন্দন জ্ঞাপন কৰে ।ৰাজ্যৰ শৈক্ষিক ক্ষেত্রত বিশেষকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত নগাঁও জিলাৰ চমকপ্রদ ফলাফলে ৰাজ্যবাসীক আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰি বিধায়ক শৰ্মাই উচ্চশিক্ষাৰ ক্ষেত্ৰত নগাঁও কলেজে আশাপ্রদ ফলাফল প্রদর্শন কৰি অহা বুলি কয়।
এগৰাকী জনপ্ৰতিনিধি হিচাপে নগাঁও কলেজৰ উন্নয়নৰ ধাৰাত আত্মনিয়োগ কৰিবলৈ পাই নিজকে ধন্য মনা বুলিও বিধায়ক গৰাকীয়ে মন্তব্য কৰে । আনহাতে অনুষ্ঠিত হৈ যোৱা নগাঁও কলেজৰ মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি শেহতীয়াকৈ প্ৰকাশিত ‘নগাঁও কলেজৰ ইতিহাস’ আৰু ‘নগাঁও মহাবিদ্যালয় আলোচনীৰ নিৰ্বাচিত প্ৰবন্ধ সংকলন’ শীৰ্ষক গ্ৰন্থ দুখন অনলাইন যোগে উন্মোচন কৰে বিধায়ক শৰ্মাই ।
উল্লেখ্য যে ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ বাবে সমগ্ৰ দেশজুৰি জাৰি কৰা লকডাউনৰ সময়ত বহি:ৰাজ্যৰ কৰ্মস্হলীৰ পৰা গৃহভূমি অসমলৈ উভতি অহা শ্ৰমিকক স্ব-নির্ভৰশীল হৈ কৰ্ম সংস্থাপনৰ পথ মুকলি কৰাৰ বাবে নগাঁও কলেজে এক আঁচনি গ্ৰহণ কৰিছে। উক্ত আঁচনিৰ বাবে শ্ৰমিকক যাবতীয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে ।
শ্ৰমিকসকলৰ এই প্ৰশিক্ষণ আজি অনলাইন যোগে মুকলি কৰে বিধায়ক ৰূপক শৰ্মাই। অনলাইন সভাখনত আমন্ত্রিত অতিথি হিচাপে অংশগ্ৰহণ কৰি নুমলিগড় শোধনাগাৰৰ অভিযন্তা ৰূপম গোস্বামীয়ে ‘ভাৰতীয় সাহিত্যত মহিলা লেখকৰ ৰচনা শৈলী’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে । আনহাতে বিশ্বনাথ কলেজৰ অধ্যক্ষ তথা নগাঁও কলেজৰ প্রাক্তন ছাত্র আৰু অধ্যাপক ডঃ চিন্তামণি শৰ্মাই নগাঁও কলেজত অধ্যয়ণ আৰু শিক্ষকতা কৰা দিনৰ স্মৃতি ৰোমন্থন কৰে ।
অধ্যাপক ভুবন চন্দ্ৰ চুতীয়াই আঁত ধৰা অনলাইন সভাখনত অধ্যক্ষ ডঃ শৰৎ বৰকটকীয়ে প্ৰদান কৰা আদৰণি ভাষণত ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ জটিল ক্ষণত নগাঁও চহৰত শৈক্ষিক দিশত এক নতুন দিগন্ত সূচনাৰে ১৯৪৪ বৰ্ষৰ ৭ আগষ্টত প্ৰতিষ্ঠা লাভ কৰা নগাঁও কলেজৰ গৌৰৱোজ্জ্বল ইতিহাসৰ বিষয়ে উল্লেখ কৰে।
অধ্যক্ষ ডঃ বৰকটকীয়ে কলেজখনৰ ভৱিষ্যত পৰিকল্পনাৰ এটি আভাস দাঙি ধৰি নগাঁও কলেজক স্বায়ত্ত (Autonomous)ল শিক্ষানুষ্ঠানৰ মৰ্যাদা প্ৰদানৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগত আবেদন কৰাৰ বিষয়ে সদৰি কৰে। ইপিনে প্ৰতিষ্ঠা দিৱসৰ লগত খাপ খুৱাই নগাঁও কলেজৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ এখন ইন্টাৰনেচনেল আলোচনা চক্ৰ অনুষ্ঠিত হয় ।
শ্বিলঙৰ ইনষ্টিটিউট অৱ আয়ুৰ্বেদ আৰু হোমিওপথিক প্ৰতিষ্ঠানৰ সঞ্চালক অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীয়ে মুকলি কৰা এই আলোচনা চক্ৰ খনত চুইজাৰলেণ্ডৰ পৰা বিজ্ঞানী জগন্নাথ বিশ্বকৰ্মাই মূলভাষণ প্ৰদান কৰে।
বিশ্ব গৱেষণা সংস্থাৰ পৰা শংকৰ গাৰ্গ, অষ্ট্ৰেলিয়াৰ পৰা দীপজ্যতি ভূঞা, অষ্ট্ৰিয়াৰ পৰা অধ্যাপক কে. কং আদিয়ে আজি গছৰ পৰা প্ৰস্তুত কৰা ভাইৰাছ প্ৰতিৰোধী ঔষধ আহৰণ কৰা সম্পৰ্কে গবেষণা পত্ৰ পাঠ কৰে। এই আলোচনা চক্ৰৰ কাইলৈ সামৰণি পৰিব। প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি সন্ধিয়া নগাঁও কলেজ চৌহদত বন্তি প্ৰজ্বলন কৰা হয়।













