![]()
অজন্তা তালুকদাৰ:
বোকাখাত : যোৱা ৫ আগষ্টৰ বিয়লিৰে পৰা নিৰুদ্দেশ হৈ থকা বোকাখাতৰ নেপালীখুটিৰ নিবাসী মুনীন্দ্ৰ বৰাৰ মৃতদেহ যোৱা ৮ আগষ্টৰ পুৱা অঞ্চলটোৰ এটা পুখুৰীৰ পৰা স্থানীয় লোকে উদ্ধাৰ কৰে৷
৫ আগষ্টৰ বিয়লি ঘৰৰ পৰা ওলাই যোৱা মুনীন্দ্ৰ বৰাৰ বিগত দুটা দিন কোনো শুংসূত্ৰ উলিয়াব নোৱাৰি পৰিবাৰ ৰশ্মি বৰাই বোকাখাত আৰক্ষী থানাত মুনীন্দ্ৰ বৰাৰ নিৰুদ্দেশ সম্পৰ্কত লিখিত ভাৱে জনাইছিল৷
আজি পুৱা পুখুৰীৰ পানীত ওপঙি থকা অৱস্থাত মুনীন্দ্ৰ বৰাৰ মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ মৃতদেহ প্ৰত্যক্ষ কৰি বোকাখাত আৰক্ষীক অৱগত কৰে পৰিয়ালৰ লোকে ৷













