![]()
নিউজ ডেস্কঃ
ক’ৰোণা পজিটিভ মহিলাই জন্ম দিলে এটি পুত্ৰ সন্তান। শিৱসাগৰৰ ক’ভিড কেয়াৰ চেন্টাৰত পিপিই টী কীট পৰিধান কৰি নাৰ্চে প্ৰসৱ কৰিলে এটি পুত্ৰ সন্তান।
শিৱসাগৰৰ হালোৱাটিঙৰ এগৰাকী কাজল পাংগিং নামে মহিলাই ৰেপিড টেষ্ট কৰাৰ পিছতেই ৰিপোৰ্ট পজিটিভ অহাত চিভিল হাস্পাতালৰ কোভিড কেয়াৰ চেন্টাৰত তেওঁক ভৰ্তি কৰোৱা হয়।
তাৰ পিছতে হোৱা মহিলা গৰাকীৰ প্ৰসৱ বেদনাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ গৰ্ভৱতীৰ বাবে ৰখা বিশেষ স্থানলৈ লৈ যোৱা হয়।
পুৱতি নিশা ২.৩০ মান বজাত চিভিল হাস্পাতালৰ জ্যেষ্ঠ নাৰ্ছ সোণমনি তামুলীৰ তত্ত্বাৱধানত এটি সুস্থ পুত্ৰৰ জন্ম দিয়ে মহিলা গৰাকীয়ে। জন্মৰ সময়ত কেঁচুৱাটিৰ ওজন আছিল ২.৭ কেজি।













