![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
বোকাখাত : সাম্প্ৰতিক সময়ত কৰোনাৰ সন্ত্ৰাসে সাধাৰণ মানুহক জীয়াতু ভোগোৱাৰ সময়তে গ্ৰীষ্মকালীন প্ৰচণ্ড উত্তাপে দহিছে জীৱকুলক। ৰাজ্যখনৰ আন প্ৰান্তৰ সতে ব্যতিক্ৰম নহয় বোকাখাতো। ইয়াৰে ফলশ্ৰুতিত বোকাখাতৰ যোগনীয়াত পানীত চটফটাই উপঙিছে মৃত মাছ।
ৰ’দৰ প্ৰচণ্ড উত্তাপত জৈৱ বৈচিত্ৰ্যৰ ওপৰত পৰা প্ৰভাৱৰ বাবেই অঞ্চলটোৰ বিভিন্ন জলাশয়ত লক্ষাধিক সৰু বৰ মাছৰ মৃত্যু হৈছে। জলাশয় সমূহত ওপঙি উঠা গেলা মাছৰ দুৰ্গন্ধই ব্যাপক প্ৰভাৱ পেলাইছে অঞ্চলটোত।
সেই অঞ্চলৰ বয়োজ্যেষ্ঠ ব্যক্তি ভলৌ হাজৰিকাই জনোৱা মতে বিগত ৫০ বছৰত সেই অঞ্চলত এনেদৰে মাছৰ মৃত্যু হোৱা দেখা নায়। তাৰ পূৰ্বে এনেদৰে মাছ মৰাৰ পাছত অঞ্চল সমূহত প্ৰৱল বানপানী অথবা মহামাৰীয়ে দেখা দিছিল। প্ৰাকৃতিক পৰিঘটনাৰ পুনৰাবৃত্তিৰ এইয়া অশনিসংকেত বুলিও ৰাইজে শংকা প্ৰকাশ কৰিছে।
ইফালে আজি পুৱাৰ ভাগত অঞ্চলটোৰ গভীৰ জলাশয়ত অগণন মাছে জলপৃষ্ঠত জপিয়াই ছাটি ফুটি কৰা দৃশ্য আছিল মৰ্মন্তুদ। কেৱল গৰমৰ বাবেই মাছ মৰিছে নে মাছৰ মহামাৰী হৈছে সেইয়া এতিয়াও নিশ্চিত হোৱা নায়।
তাৰ মাজতে মাছ ধৰি বিক্রি কৰি থকাও হৈছে। এনে মাছ খালে মানৱ দেহত কিবা প্ৰতিক্ৰিয়াই দেখা দিবনেকি সিও চিন্তনীয়। ইফালে অঞ্চলটোত অজস্র মৎস্যভোজী চৰায়ে মৎস্য চিকাৰ কৰিছে যদিও তাৎপৰ্যপূৰ্ণ ভাবে এটাও মৃত মাছ মুখত দিয়া নাই।













