![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যুক সাবটি লোৱা অসম আৰক্ষীৰ জোৱান লক্ষেশ্বৰ হাজৰিকাক চিকিৎসা প্ৰদানত অৱহেলা কৰা বুলি অভিযোগ উত্থাপন কৰিছে মৃত জোৱানজনৰ পৰিয়ালে। উল্লেখ্য যে জুলাই মাহৰ শেষৰ সপ্তাহত ক’ৰোনাত আক্ৰান্ত হোৱা অসম আৰক্ষীৰ জোৱান লক্ষেশ্বৰ হাজৰিকাক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কোভিড ইউনিটত ভৰ্তি কৰোৱা হৈছিল।
আনহাতে লক্ষেশ্বৰ হাজৰিকাই মৃত্যুৰ পূৰ্বে পৰিয়ালক জনোৱা মতে চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা অৱস্থাত তেওঁক চিকিৎসকে কোনোধৰণৰ পৰীক্ষা কৰিবলৈ অহা নাছিল। আনকি চিকিৎসালয়খনে এণ্টিবায়টিকো প্ৰদান কৰা নাছিল ।
উপয়ান্তৰ হৈ জোৱানজনৰ পৰিয়ালে কফ চিৰাপ আৰু এণ্টিবায়টিক ক্ৰয় কৰি দিছিল বুলি আজি মৃত জোৱানজনৰ পুত্ৰই সংবাদ মাধ্যমৰ আগত আৱেগেৰে কয় । ইপিনে চিকিৎসালয়খনৰ এনে অৱহেলাৰ মাজতে গুৰুতৰ ভাৱে অসুস্থ হৈ পৰা লক্ষেশ্বৰ হাজৰিকাক গুৱাহাটী ডেণ্টেল হস্পিতালত থকা কোভিড কেয়াৰ হস্পিতাললৈ প্ৰেৰণ কৰা হয়।
কিন্তু এই বিষয়ে পৰিয়াল আৰু নগাঁও আৰক্ষীক সম্পূৰ্ণ অন্ধকাৰত ৰখা হৈছিল বুলিও তেওঁৰ পৰিয়ালে অভিযোগ কৰে। পিছতহে পৰিয়ালৰ লোকে লক্ষেশ্বৰ হাজৰিকাক গুৱাহাটীলৈ স্থানান্তৰ কৰাৰ কথা জানিব পাৰে। আনহাতে কালি লক্ষেশ্বৰ হাজৰিকাৰ মৃত্যুৰ বিষয়ে পৰিয়ালে গম পায় ।আনহাতে লক্ষেশ্বৰ হাজৰিকাৰ মৃত্যুৰ বাবে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কোভিড- ১৯ বিভাগৰ দায়িত্বত থকা কৰ্তৃপক্ষক মৃত জোৱানজনৰ পৰিয়ালে জগৰীয়া কৰে।
ইপিনে আজি নগাঁও আৰক্ষী ছাউনীত থকা পেৰেড গ্ৰাউণ্ডত প্ৰয়াত লক্ষেশ্বৰ হাজৰিকাৰ আলোকচিত্ৰত ৰাজ্যিক মৰ্য্যদাৰে আৰক্ষীৰ উচ্চপদস্থ বিষয়া সকলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । উল্লেখ্য যে বটদ্ৰৱা চক্ৰ আৰক্ষী পৰিদৰ্শকৰ গাড়ীচালক হিচাপে কৰ্মৰত হৈ থকা লক্ষেশ্বৰ হাজৰিকাই মৃত্যুৰ সময়ত পত্নীৰ লগতে দুটিসন্তানক ইহসংসাৰত এৰি থৈ যায়।
কামপুৰ ঘিলানীৰ বাসিন্দা প্ৰয়াত লক্ষেশ্বৰ হাজৰিকাৰ মৃত্যুৰ সময়ত বয়স আছিল ৫৭ বছৰ। কোভিড বিৰোধী যুঁজত অৱতীর্ণ হৈ মৃত্যুক সাৱতি লোৱা আৰক্ষী জোৱানজনক শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়ত আৰক্ষী ছাউনীত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে।













