![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
বোকাখাত : বন্যপ্ৰাণী আৰু মানৱসেৱাৰ উদ্দেশ্যে গঠিত বোকাখাতৰ যুৱ স্বেচ্ছাসেৱী দল ‘ব্লেক অ’ল্ভচ’। সম্প্ৰতি সমগ্ৰ অসমৰে সদস্য থকা ‘ব্লেক অ’ল্ভচ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ উদ্যোগত ৰাইজৰ পৰা সংগ্ৰহ কৰা এক লাখ এক হাজাৰ টকা নগাঁও জিলাৰ ভেটাপাৰাৰ ৩ বছৰীয়া শিশু বৰ্ণিল বিষ্ণু বৰুৱাৰ চিকিৎসাৰ বাবে প্ৰদান কৰিছে।
যোৱা ৩ আগষ্টত গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধিন হৈ থকা শিশুটিক লগ কৰাৰ লগতে ‘ব্লেক অ’ল্ভচৰ সভাপতি সমুজ্জ্বল শইকীয়া, সাংগঠনিক সম্পাদক কঙ্কনজ্যোতি বৰা আৰু সাংস্কৃতিক সম্পাদক লক্ষজ্যোতি শইকীয়াই কৰ্কট আক্ৰান্ত ৩ বছৰীয়া শিশু বৰ্ণিল বিষ্ণু বৰুৱাৰ দেউতাক অজিত বৰুৱাৰ হাতত এক লাখ এক হাজাৰ টকা তুলি দিয়ে।

এই ধনৰাশী গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলৰ পৰা সংগ্ৰহ কৰাৰ লগতে ‘ব্লেক অ’ল্ভচৰ সদস্যসকলৰ ব্যক্তিগত অনুদানৰ দ্বাৰা সংগ্ৰহ হৈছিল। ‘ব্লেক অ’ল্ভচ এ গোলাঘাট জিলাৰ বোকাখাত, নুমলীগড়, লৱনঘাট, দেৰগাঁও আদি অঞ্চলৰ সমূহ সুহৃদ ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰে।
উল্লেখ্য যে’ব্লেক অ’ল্ভচৰ সাংগঠনিক সম্পাদক কঙ্কনজ্যোতি বৰাই অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পিযুষ হাজৰিকাৰ আহ্বান ক্ৰমে চৰকাৰী ভাবে প্লাজমা দানকৰা প্ৰথমজন ব্যক্তি। তেওঁক এই ক্ষেত্ৰত যোগাযোগ আৰু ব্যবস্থা কৰি দিছিল বোকাখাতৰ যুৱ বিজেপি নেতা তথা সমাজকৰ্মী আকাশ ফুকনে।













