![]()
অজন্তা তালুকদাৰ:
বোকাখাত : বােকাখাত বিধান সভা সমষ্টিৰ বর্তমানৰ মিত্রজোটৰ বিধায়ক তথা কৃষিমন্ত্রী অতুল বৰাই সমষ্টিবাসীক কৰা প্রতাৰণাৰ বিৰুদ্ধে সােচ্ছাৰ হৈ পৰিছে বােকাখাতৰ যুৱনেতা তথা বােকাখাত ব্লক কংগ্রেছৰ সধাৰণ সম্পাদক জিতু শইকীয়া।
এই সন্দর্ভত সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এটা বিবৃত্তি কয় যে, বােকাখাতৰ ৰাইজ তথা বৌদ্ধিক মহলৰ দাৱীৰ পৰিপ্ৰেক্ষিতত প্রস্তাবিত সতী সাধনী বিশ্ববিদ্যালয় খন বােকাখাতত স্থাপন কৰাৰ প্রতিশ্রুতি দিছিল মন্ত্রী গৰাকীয়ে।
বিশেষত বােকাখাত বিধান সভা সমষ্টিৰ মহুৰা পথাৰত অনুষ্ঠিত হােৱা শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিবেশনত উপষ্ঠিত হােৱা অসমৰ মূখ্যমন্ত্রী সর্বানন্দ সোনোৱাল ডাঙৰীয়া, স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শর্মা ডাঙৰীয়ায়াে বোকাখাত বৌদ্ধিক মহলৰ ওচৰত সতী সাধনী বিশ্ব বিদ্যালয় বােকাখাতত হ’ব বুলি প্রতিশ্রুতি দিছিল। যি কথা কৃষি মন্ত্রী জনৰ অৱগত।
কিন্তু বােকাখাত বিধান সভা সমষ্টিৰ বাইজৰ ভােটেৰে বিধায়ক তথা মন্ত্রী হবলৈ সক্ষম হােৱা অতুল বৰা ডাঙৰীয়াই সমষ্টি বাসী ৰাইজ তথা বােকাখাতৰ হাজাৰ হাজাৰ নিবনুৱাক প্রতাৰণা কৰি তেখেত সকলৰ নায্য দাৱীক বৃদ্ধাংগুষ্ঠ প্রদর্শন কৰি শেহতীয়াকৈ গােলাঘাটত স্হাপন কৰাৰ বাবে তৎপৰ হৈ পৰিছে। উল্লেখ্য যে বনগাঁৱত সতী সাধনীৰ প্ৰতিমূৰ্ত্তি স্হাপন কৰি দিয়া ভাষনত তেখেতে এই কথা প্রকাশ কৰে।
তেখেতৰ এই বক্তব্য আছাম ট্রিবিউন নামৰ বাতৰি কাকত খনৰ ডিজিটেল সংস্কৰনত প্রকাশ হােৱাৰ লগে লগে বােকাখাতৰ সর্বস্তৰৰ ৰাইজে উদ্বিগ্নতা প্রকাশ কৰিছে।
বােকাখাতৰ প্রথমজন মন্ত্রী তথা কৃষি মন্ত্রী অতুল বৰা ডাঙৰীয়াই সমষ্টিতােৰ কৃষক ৰাইজ উন্নয়নৰ বাবেও বিগত সময়ত কোনাে ফলপ্রসূ কাৰ্য্য ব্যবস্থা হাতত লােৱা দেখা নগল বুলি উল্লেখ কৰি যাৰ বাবে বােকাখাতত নিশ্চিত পৰাজয়ৰ উমান পায়েই তেখেতে গােলাঘাটত নিজৰ ৰাজনৈতিক ভবিষ্যতৰ সুৰক্ষিত ৰখাৰ স্বার্থত বােকাখাতৰ ৰাইজক এনেদৰে বঞ্চিত কৰি বোকাখাত নায্য প্ৰাপ্য কাঢ়ি নিব বিচাৰিছে বুলিও কৈ নিজৰ ৰাজনৈতিক ভবিষ্যত সুৰক্ষিত কৰাৰ স্বার্থত বােকাখাতৰ ৰাইজৰ ভােটেৰে মন্ত্রী হােৱা অতুল বৰা ডাঙৰীয়াৰ কোনাে নৈতিক অধিকাৰ নাই এনেদৰে বোকাখাতৰ ৰাইজক প্রতাৰনা কৰাৰ।
তেখেতৰ এনে হঠকাৰী সিধান্তৰ তীব্র বিৰােধিতা কৰাৰ লগতে তেখেতৰ সিধান্ত বাতিল কৰি সতী সাধনী বিশ্ব বিদ্যালয় বােকাখাতত স্হাপন কৰিবলৈ যুবনেতা গৰাকীয়ে দাবী জনাই।
উল্লেখ যােগ্য যে বোকাখাত এফালে কাজিৰঙাৰ ইক’ চেনজিতিভ জ’ন আনফালে নুমলীগড় শােধনাগাৰৰ বাবে ঘােষিত ন’ ডেভেলপমেন্ট জ’ন ৰ বাবে বােকাখাতৰ নিবনুৱা যুবক সকলে কোনাে ধৰনৰ উদ্যোগ স্থাপন কৰিব নােৱাৰে যাৰ বাবে সংস্হাপন হীনতা বােকাখাতৰ নিবনুৱাৰ বাবে এক ভয়াবহ সমস্যা হিচাপে ঠিয় দিছে।
এনে অবস্থাত বােকাখাতত এই সতী সাধনী বিশ্ব বিদ্যালয় খন প্রতিষ্ঠা হােৱা হলে বহু নিবনুৱা যুবকক বহু পৰিমানে সহাহ দিলে হেতেন। প্রত্যক্ষ আৰু পৰােক্ষভাৱে এহেজাৰতকেও অধিক লােকে সংস্থাপন পালে হেতেন।
এনে অবস্থাত বোকাখাত ৰাইজৰ মুৰত ৰামটাঙোেন শােধাই অতুল বৰাই যি ৰাজনীতি কৰিছে তাক অনতি পলমে বন্ধ কৰিবলৈ দাবী জনাই যুৱনেতা গৰাকীয়ে। লগতে তেখেত উল্লেখ কৰে যে অসম গন পৰিষদৰ শীর্ষ নেতৃত্বৰ এনে বহু অবিবেচক, হঠকাৰী সিধান্তৰ বাবেই আজিৰ তাৰিখত জন বিচিন্ন হৈ নিচিহ্ন হৈ পৰিল।
লগতে তেখেতে আশা প্রকাশ কৰি কয় যে এই ক্ষেত্রত অতুল বৰা ডাঙৰীয়াৰ শুভ বুদ্ধি উদয় হব আৰু বােকাখাত ৰাইজৰ ভােটৰ সঠিক মূল্যায়ন কৰি বােকাখাতৰ ৰাইজৰ বাবে কাম কৰিব। লগতে বােকাখাতৰ ৰাইজকো এই ক্ষেত্রত এক আপোচবিহীন স্হিতি গ্রহন কৰি নিজৰ নায্য প্রাপ্য আজুৰি আনিবলৈ সচেষ্ট হ’বলৈ আহ্বান জনায়।













