![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : নগাঁও চহৰৰ হয়বৰগাঁৱৰ ডি ডি কমাৰ্চিয়েল নামৰ এখন ব্যক্তিগত দন্ত চিকিৎসালয়ত আজি পুৱা এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । চহৰখনৰ এছ এম এছ ৰোডত থকা চিকিৎসালয়খনত সংঘটিত এই অগ্নিকাণ্ড প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে লগে লগে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে।

প্ৰথম অৱস্থাত স্থানীয় ৰাইজে জুই নিৰ্বাপনৰ চেষ্টা চলাই যদিও পিছত অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ বাহনে আহি জুই নিৰ্বাপন কৰে। অগ্নিকাণ্ডত প্ৰতিষ্ঠানখনৰ লক্ষাধিক টকাৰ মূল্যৰ সা-সম্পত্তি বিনষ্ট হোৱা বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও একাংশ লোকে বিদ্যুতৰ চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ।













