![]()
জিতেন বৰকটকী:
নগাঁও : নগাঁও চহৰৰ আৱৰ্ত ভৱনৰ সন্মুখত কলং নৈৰ ওপৰত নিৰ্মীয়মান এখন পকী দলঙৰ তলত আজি পুৱা এটা অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হয়।
জানিব পৰা মতে, আনন্দৰাম ঢেকিয়াল ফুকন দলঙৰ কাষত নতুনকৈ নিৰ্মানকাৰ্য চলি থকা পকী দলঙখনৰ তলৰ পানী যুৱলিত ওপঙি থকা অৱস্থাত আজি পুৱা একাংশ ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছতে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ এছ ডি আৰ এফৰ সহযোগত যুৱকৰ মৃতদেহটো পানীৰ পৰা তুলি আনে।
পাচত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । মৃতদেহৰ অৱস্থালৈ চাই যুৱকজনৰ দুদিনমান পূৰ্বে মৃত্যু হোৱা বুলি আৰক্ষীয়ে অনুমান কৰিছে । আনহাতে কোনো দুৰ্বৃত্তই যুৱকজনক হত্যা কৰি কলঙত পেলাই থৈ যোৱা বুলি একাংশই সন্দেহ প্ৰকাশ কৰিছে













