![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
বোকাখাত : অসম সত্ৰ মহাসভাৰ অন্তগৰ্ত সত্ৰীয়া সংস্কৃতি চৰ্চা কেন্দ্ৰৰ দ্বাৰা পৰিচালিত ৩খন বিদ্যালয় বোকাখাত জিলা সত্ৰ মহাসভাৰ তত্বাৱধানত যোৱা ৬ আগষ্টত প্ৰতিষ্ঠা কৰা হয়।

অসম সত্ৰ মহাসভাৰ শিক্ষা সচিব পংকজ শইকীয়া পৰ্যবেক্ষক হিচাপে উপস্থিত থকা সভাত বোকাখাত জিলা সত্ৰ মহাসভাৰ সভাপতি গৌতম গোস্বামী, সম্পাদক লক্ষীপসাদ কটকী, ৰাজ্যিক সদস্য প্ৰশান্ত শৰ্মা আৰু প্ৰশিক্ষক নিৰু বাহেকৰ উপস্থিতিত পত্নী প্ৰসাদ সাংস্কৃতিক বিদ্যালয়, তামুলীপথাৰ, শংকৰী কলা সংস্কৃতি বিদ্যালয়, বুঢ়াগাওঁ বাদুলীপাৰ আৰু পাৰিজাত সত্ৰীয়া সংস্কৃতি বিদ্যালয়, লেৱলেবী বাদুলীপাৰ এই বিদ্যালয় কেইখন পৰিষদৰ অন্তৰ্ভুক্তি প্ৰদান আৰু পঞ্জীয়ন কৰা হয় ।













