![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
গুৱাহাটীঃ বৰ্তমান কংগ্ৰেছ দলটো এটা দুৰাৰোগ্য ব্যাধিত ভুগিছে। সেয়া হ’ল দলৰ চৰম নেতৃত্বহীনতা ৷ আৰু ইয়াৰ সম্পূৰ্ণ প্ৰতিফলন প্ৰকাশ পাইছে কালি সংবাদ মাধ্যমত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ভাষ্যত ৷ কংগ্ৰেছ দলৰ বৰ্তমানৰ দুৰ্বল স্থিতিৰ কথা অতি পুতৌজনকভাৱে তেখেতৰ কথাত প্ৰকাশ পাইছে ৷
আগন্তুক ২০২১ ৰ নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ কংগ্ৰেছ দলে এ আই ডি ইউ এফৰ সৈতে হাত মিলোৱাৰ বাহিৰে যে কোনো গত্যন্তৰ নাই এয়া মুকলিকৈ প্ৰকাশ পাইছে তেওঁৰ ভাষ্যত ৷ কিন্তু এটা কথা লেখতলবলগীয়া যে যিজন গগৈয়ে আজিকোপতি “হু ইজ বদৰুদ্দিন” বুলি হুংকাৰ দি আহিছে তেওঁ আজি বদৰুদ্দিনৰ সহায় নোলোৱাকৈ নিৰ্বাচনী যুঁজ দিয়াটো যে অসম্ভৱ সেইটো নিশ্চিত হৈ পৰিছে।
কংগ্ৰেছে এ আই ডি ইউ এফৰ লগতে অন্যান্য সকলো বিৰোধী দলক নিৰ্বাচনী যুঁজত কংগ্ৰেছৰ লগত হাত মিলাবলৈ আহ্বান জনোৱা কথাটোৱে কংগ্ৰেছৰ আত্মবিশ্বাস হেৰুৱাৰ স্বৰূপটো ৰাইজৰ আগত উদঙাই দিছে বুলি সংবাদ মাধ্যমলৈ এক প্ৰেছ বিবৃতিৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টী, অসমৰ ৰাজ্যিক মুখপাত্ৰ জানকী খাউণ্ডে উল্লেখ কৰে ৷
তেওঁ লগতে এইটোও কয় যে বৰ্তমান সময়ত কংগ্ৰেছ দলত অন্তঃকন্দলৰ কাৰণে দলটো বহুধা বিভক্ত হৈছে ৷ দলৰ ভিতৰচৰাত আভ্যন্তৰীণ কন্দল তুংগত উঠিছে আৰু চৰম নেতৃত্বহীনতাই দেখা দিছে দলৰ মজিয়াত ৷ ৰিপুণ বৰা বৰ্তমান আনুস্থানিকভাবেহে দলৰ মুৰব্বী, কিন্তু দলত আন কেইজনমান নেতাৰ প্ৰভাৱহে বেছিকৈ দেখা পোৱা যায় ৷ এই দলটোৱে প্ৰায় ৭০ বছৰ কাল শাসনত থাকি ৰাইজক কেৱল মাথোঁ বিভিন্ন ধৰণে প্ৰতাৰণাহে কৰি ইতিমধ্যেই খিলঞ্জীয়া অসমবাসীৰ ওচৰত বিশ্বাস আৰু আস্থা হেৰুৱাইছে ৷
অসমত বৰ্তমান সৰ্বানন্দ সোনোৱালৰ নেতৃত্বাধীন চৰকাৰখনে বিগত ৪ বছৰত যিসমূহ উন্নয়নমূলক কাম কাজ আৰু জনকল্যাণমূলক আচনিৰ জৰিয়তে অসমবাসীৰ উন্নতি সাধিবলৈ যত্ন কৰিছে সেয়া ৰাইজে নিশ্চিতভাৱে উপলব্ধি কৰিছে আৰু সেয়েহে এই চৰকাৰৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস আগতকৈ অধিক বাঢ়িছে ৷
কালি ইণ্ডিয়া টুডেৰ এটি চাৰ্ভেত “মুড অফ দি নেশ্ব্যন”ত প্ৰকাশ পোৱা মতে মোডী চৰকাৰৰ অত্যধিক জনপ্ৰিয়তাৰ বাবে দেশত আজিৰ দিনত নিৰ্বাচন হ’লে আকৌ বিজেপিৰ চৰকাৰেই হ’ব ৷ সেই একেই প্ৰতিচ্ছবি অসমতো দেখা গৈছে আৰু আগন্তুক দিনত নিৰ্বাচনত বিজেপিৰ মিত্ৰজোঁট চৰকাৰে ১০০ ৰো অধিক আসন লাভ কৰি জয়ী হোৱাটো নিশ্চিত হৈ পৰিছে ৷













