![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
কৰ অধীক্ষক মহিলা ক’ভিড ৰোগত আক্ৰান্ত হৈ আজি দুপৰীয়া ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত মৃত্যু হয়।
মৃত মহিলাগৰাকী অইল বি টাইপ -১৫১ ৰ আবাসী তথা ফিল্ড ইঞ্জিনীয়াৰিং ডিপাৰ্টমেন্টৰ সুৰেন্দ্ৰ সিঙৰ পত্নী ৰিজুমণি গোহাঁই (৪০) বুলি জানিব পৰা গৈছে । প্ৰাপ্ত তথ্য অনুসৰি উক্ত মহিলাগৰাকী যোৱা প্ৰায় এসপ্তাহ পূৰ্বে আয়কৰ বিভাগৰ চাকৰিসূত্ৰে পদোন্নতিসহ গুৱাহাটীৰ পৰা ডিব্ৰুগড় চহৰলৈ বদলি হৈ আহিছিল ।
উল্লেখযোগ্য যে এপিএচচি ২০১৩ বেটচৰ মহিলাগৰাকীয়ে যোৱা চাৰিমাহ ধৰি গুৱাহাটীত ক’ভিড সম্পৰ্কীয় কৰ্তব্য পালন কৰি আহিছিল । যোৱা ১৫ দিন পূৰ্বে এই কৰ্ত্তব্যৰ পৰা তেওঁ মুকলি হোৱাৰ লগতে কৰ পৰিদৰ্শকৰ পৰা কৰ অধীক্ষক পদলৈ পদোন্নতি লাভ কৰিছিল ।
জানিব পৰামতে গুৱাহাটীতে সামান্য অসুস্হতাই দেখা দিয়াত মহিলাগৰাকী দুলীয়াজানলৈ আহি কালি প্ৰথমে ডিব্ৰুগড়স্হিত সঞ্জীৱনী নাৰ্ছিংহোমত ভৰ্ত্তি হয় যদিও চিকিৎসকে পৰীক্ষা কৰি ক’ভিড পজিটিভৰ লক্ষণ পোৱাত লগে লগে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।
হাস্পতালতে আজি মৃত্যুক সাৱটি লয় প্ৰায় ১২ বছৰীয়া এটি সন্তানৰ মাতৃগৰাকীয়ে । আনহাতে আজি নিশাভাগত দুলীয়াজান টিপলিংস্হিত শ্মশানত মহিলাগৰাকীৰ মৃতদেহ দাহ কাৰ্য্য সম্পন্ন কৰে জিলা প্ৰশাসনৰ উপস্হিতিত ।













