![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্যিক কেবিনেট বৈঠক সম্পুন্ন।বৈঠকত গ্ৰহণ কৰা হয় বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
বজালী মহকুমাক পুৰ্ণাংগ জিলালৈ অনুমোদন জনায়।তাৰ বাবে বিষয়া পৰ্যায়ৰ ১০টা পদ আৰু অন্যান্য ৮৫টা পদবী সৃষ্টি হ’ব।
ৰাজ্যৰ ১৬১ গৰাকী পাৰিতোষিক প্ৰাপ্ত গ্ৰন্থগাৰিক বৰ্তমান ৯০০ টকা পৰা ১২,০০০ টকালৈ আৰু ১৫৩ গৰাকী সহায়কৰ পাৰিতোষিক ৫৫০ টকা পৰা ৯০০০ টকালৈ বৃদ্ধিত অনুমোদন জনায়।
আসাম ন’ন গভর্নমেণ্ট এডুকেশ্যন ইনষ্টিটিউট ৰুলছ -২০২০ক আজি বৈঠকত অনুমোদন জনোৱা হয়।
আসাম ষ্ট্ৰীট ভেণ্ডৰ্ছ স্কিম-২০২০ক বৈঠকে অনুমোদন জনায়।
ষ্টেট কেটেল এণ্ড বাফেলো ব্ৰিডিং পলিচী-২০২০ক কেবিনেতে অনুমোদন জনায়।
গুৰুত্বপূৰ্ণ বৈঠকখনত এছ ডি আৰ এফত আৰু দুটা নতুন কোম্পানী গঠন কৰা বাবে অনুমোদন জনোৱা বুলি জানিব দিয়ে সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।













