![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : নগাঁও জিলাৰ ননৈৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটা পুখুৰীত আজি এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হয় ৷
ননৈ শ’লমাৰী পেট্ৰল পাম্পৰ কাষৰ এটা পুখুৰীত উদ্ধাৰ হোৱা মৃতদেহটো পথচাৰীয়ে প্ৰত্যক্ষ কৰি স্হানীয় ননৈ আৰক্ষীক খবৰ দিয়ে।পিছত প্ৰতক্ষ্যদৰ্শীৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।
মৃতদেহটো এই পৰ্যন্ত চিনাক্ত হোৱা নাই ৷ উল্লেখ্য যে মৃতদেহটোৰ দেহত চোচোৰাই নিয়া চিন স্পষ্ট হৈ থকাত স্হানীয় ৰাইজে এয়া এক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে। ননৈ পহৰা আৰক্ষী চকীৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।













